মোৰ গাঁও মোৰ মানুহ:কিম্বদন্তিত মহান ব্যক্তিজন~আমাৰ গাওঁ আমাৰ চহৰ-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
১৯৯২ চনৰ মে' মাহৰ কোনোবা এটা দিনৰ কথা হ'ব ৷ সেইদিনাখন ৰবেন, কুশল, দেওবৰ আৰু পুৰেণ আমি আটাইকেইটাই আমাৰ কুৰুৱা প্ৰদূষণ মুক্তকাৰী সমাজ নামৰ বিজ্ঞান সংঘ আৰু বিজ্ঞান বাৰ্তা পত্র 'চিগমা'ৰ অস্থায়ী কাৰ্যালয় বিমলহঁতৰ মৰমী চকৰ ঘৰত আলোচনাত বহিলোঁ ৷ আলোচনাৰ বিষয় বিজ্ঞানবাৰ্তা পত্র 'চিগমা'ৰ উন্মোচনৰ তাৰিখ আৰু উন্মোচক বাচনি কৰা ৷ সভাৰ সৰ্ব সন্মতিক্ৰমে উন্মোচক হিচাপে বিমলহঁতৰ দেউতাক শ্ৰদ্ধাৰ সোনাৰাম তালুকদাৰ বৰদেউতাৰ নাম চূড়ান্ত কৰা হ'ল ৷ পাছে সমস্যা হ'ল বিমলক লৈ ৷ সি আমাৰ বিজ্ঞান সংঘৰ উপ সভাপতি গতিকে ঘৰৰ মানুহৰদ্বাৰা বিজ্ঞানবাৰ্তা পত্ৰখন উন্মোচন কৰিব নিবিচাৰে ৷ কিন্ত আমাৰ হেঁচাত বিমল উপায়ান্তৰ হৈ মোক সোনাৰাম বৰদেউতাৰ ওচৰলৈ লৈ যাবলৈ মান্তি হ'ল ৷ এইখিনিতে মই সকলোৰে পৰিচিত যদিও বৈষ্ণৱপ্ৰাণ সোনাৰাম বৰদেউতাৰ বিষয়ে অলপ চমুৱাই ক'ব বিচাৰিম ৷

বৈষ্ণৱৰত্ন সোনাৰাম তালুকদাৰ নামৰ কুৰুৱাৰ সু- সন্তান জনৰ জন্ম হৈছিল পিতৃ ভদ্ৰৰাম কেওট আৰু মাতৃ কদমী আইৰ ঔৰষত ১৯২৪ চনত উপৰ কুৰুৱাত ৷ এই মহান লোকজনে কুৰুৱাত এক দেৱ এক সেৱ বিশ্বাসৰ আধাৰত পৰমাৰ্থ পৰিষদ নামৰ এক আধ্যাত্মিক সংস্থা স্থাপন কৰি একশৰণ বৈষ্ণৱী ধৰ্মপ্ৰচাৰৰ কামত আত্ম বিলীন হৈ পৰিছিল ৷ নিজৰ বহল আৰু উদাৰ মনৰ চিন্তাৰ পৰিচয় দি শিশুসকলৰ বাবে উপৰ কুৰুৱাত পৰমাৰ্থ বিদালয় নামৰ এখন প্ৰাথমিক বিদ্যালয় স্থাপন কৰাৰ লগতে ৭৭খন পবিত্ৰ পুথি ৰচনা কৰিছিল ৷ ১৯৬১ চনতে তেখেতে ৰচনা কৰা "প্ৰলয়-বিজয়" নামৰ পুথিখনৰ বাবে শ্বিলঙৰ শ্ৰীনাথ শাস্ত্ৰালোচনী নামৰ অনুস্থানটিৰ তৰফৰ পৰা তেখেতক 'শ্ৰীসত্য সন্ধ্যদেৱ' উপাধিৰে সন্মানিত কৰা হৈছিল ৷ পৰৱৰ্তীকালত অসম চৰকাৰেও তেখেতক সাহিত্যিক পেন্সনৰ বঁটা প্ৰদান কৰিছিল ৷ তেখেতৰ জীৱন কালত অসমৰ বিভিন্ন চুক কোনৰ পৰা পৰমাৰ্থ পৰিষদৰ জন্মদাতা বৈষ্ণৱৰত্ন সোনাৰাম তালুকদাৰ দেৱৰ আশীৰ্বাদ বিচাৰি তেখেতৰ অনুৰাগী সকলে কুৰুৱাৰ পবিত্ৰ ভূমিত উপস্থিত হৈছিল ৷ তেখেতক কাহানিও মই মেল মিটিঙলৈ গৈ বক্তৃতা দিয়াৰ কথাও মোৰ মনত নপৰে ৷ কিন্ত বিভিন্ন জনৰ মুখত তেখেতৰ মুখৰ কথাই সহজে সন্মোহিত কৰিব পাৰিছিল বুলি শুনিছিলোঁ ৷
সেইদিনাখন যথাসময়ত বন্ধু বিমলৰ লগত মনত এক অনাবিল উৎকন্ঠালৈ জীৱনত প্ৰথমবাৰৰ বাবে কুৰুৱাৰ কিম্বদন্তিত মানুহজনক লগ কৰিব গ'লো ৷ গৈয়েই দেখিলো বগা সাজ পৰিহিত সোনাৰাম বৰদেউতাই ঘৰৰ বাৰাণ্ডাত বহি বাহৰ জাপি এটা বৈ ওচৰত বহি থকা অনুগামীসকলৰ লগত কিবা ধৰ্মকথা আলোচনা কৰি আছে ৷ মই কাৰ ল'ৰা আৰু কি কাৰণত আহিছো বিমলে বৰদেউতাক চমুৱাই কোৱাত মোক ওচৰতে মূঢ়া এটা পাৰি বহুৱাই লৈ মোৰ মেট্ৰিক পৰীক্ষা কেনেকুৱা হৈছে আৰু দেউতাই কেতিয়া শিক্ষকতাৰ পৰা অৱসৰ পালে ইটো সিটো কথা কৈ চাহ পানী খাবলৈ দিলে ৷ তেখেতৰ সৰল কথা বতৰাই লাহে লাহে মনৰ সংকোচ প্ৰায় দূৰ কৰি দিলে ৷ সাহস পাই ময়ো তেখেতক লগ ধৰাৰ উদ্দেশ্যে কথাখিনি ক'লো৷ তেখেতে মোৰ কথাখিনি শুনি হঠাৎ বহাৰ পৰা উঠি ঘৰৰ ভিতৰলৈ গ'ল ৷ মই তেখেত হঠাতেই উঠি যোৱাৰ বাবে থতমতো খালোঁ ৷ তেতিয়াহে গম পালো মোৰ,ওচৰত বিমলৰ ছাঁটো নাই ৷ মনটো পুনৰ উৎকন্ঠাৰে ভৰি পৰিল যদিও বৰদেউতাৰ অপেক্ষাত বহি ৰ'লো ৷
কিছু সময়ৰ অপেক্ষাৰ অন্তত বৰদেউতাই আহি মোৰ হাতত তেখেতৰ স্বৰচিত জ্ঞান-দায়িনী নামৰ পুথিখন আৰু নগদ তিনিশ টকা তুলি দিলে ৷ তেওঁ মোৰ মূৰত হাতখন থৈ ক'লে তোমালোকৰ প্ৰচেষ্টাক মই বহুত ভাল পাইছোঁ ৷ তোমালোকক আশীৰ্বাদ কৰিছো ৷ তোমালোকে তোমালোকৰ গুৰু আশীৰ্বাদ লোৱাৰ সময় এতিয়া ৷ মোতকৈ তোমালোকৰ গুৰু সকলক মাতি তোমালোকৰ প্ৰচেষ্টাখিনি প্ৰকাশ কৰা, ভাল উপদেশ পাবা ৷ মই সেই সৰু মনৰ মহান মানুহজনৰ সুললিত কথা বতৰাত সচাঁই সন্মোহিত হৈ পৰিছিলো ৷ মই তেখেতৰ উপদেশ সাৰোগত কৰি পুনৰ বন্ধু সকলৰ লগত বিচাৰ বিবেচনা কৰি কুৰুৱা হাইস্কুলৰ শ্ৰদ্ধাৰ বিপিন নাথ চাৰক ' চিগমা' উন্মোচন কৰিবলৈ আমন্ত্ৰণ দিয়াৰ সিদ্ধান্ত ল'লো ৷

সোনাৰাম বৰদেউতাই মোক গুৰুৰ গুৰুত্বৰ ওপৰত কোৱা কথাখিনি আজিও মোৰ কাণত গুঞ্জিত হৈ আছে আৰু সৰ্বদাই থাকিব ৷
২০০১ চনৰ ১৩ এপ্ৰিলৰ দিনাখন এই কিম্বদন্তিত মহানলোক জনৰ মহাপ্ৰয়াণ ঘটে৷ আজি তেখেত আমাৰ মাজত নাই কিন্ত য'তেই নাথাকক কিয় তেওঁৰ আত্মাই শান্তিত থাকক তাকেই ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ৷
মোৰ গাঁৱৰ অখ্যাত লোক সকলে এৰিথৈ যোৱা বিখ্যাত চানেকিৰে যাতে উৎসাহিত হৈ নৱ প্ৰজন্মই আগুৱাই যাবলৈ সাহস লভে তাৰেই কামনাৰে আজিলৈ সামৰিছো।

✍️চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)