বৰষুণৰ দিনবোৰ-কবিতা~দীপ্তি কুমাৰ



বৰষুণৰ দিনবোৰ মোৰ খুব প্ৰিয়
টোপাল টোপাল বৰষুণৰ ৰুণজুন ধ্বনিত সাৰ পাই উঠে ভাগৰুৱা জীৱন
এধানি এধানিকৈ সৰা মুকুতা সদৃশ বৰষুণ জাকে হৃদয়ত ৰুই দিয়ে নতুন বীজ
হৃদয়ৰ সমস্ত দুখ ধুই নি
সিচি থৈ যায় আশাৰ সঞ্চাৰ
ধৰাৰ বুকুত শিহৰণ তোলা বৰষুণ জাক তেওঁৰ মিহলি হৈ যায় অনেক অশ্ৰু
 মচি নিয়ে সকলো দুখ 
বৰষি অহা বৰষুণজাকে 
 চকুপানীবোৰ ঢাকি ৰাখি হাঁহিবলৈ  প্ৰেৰণা যোগায় 
মনত অনেক সপোন লৈ 
সাহসী হৈ আগবাঢ়ি যাবলৈ শিকায়
সেইবাবে বৰষুণ মোৰ খুব প্ৰিয় 
          
         ✍️দীপ্তি কুমাৰ

Post a Comment

Previous Post Next Post