মাগুৰ বৰণীয়া মানুহজন
মোৰ পিতাই ...
ৰ'দত গলাই
পানীত সিজাই
সুঠাম দেহাটি মাগুৰ বৰণীয়া গঢ়িলে ।
মাটিৰ অপৰিমাপন ভাৰৰ দৰে তেওঁ
বহুৰঙী কঠীয়াৰ ভাৰ লৈ
ওলাই যায় এখন দেশলৈ
ঘৰ্মাক্ত ৰ'দৰ দিন
এটোপাল পানীহৈ পৰি যায়
শিলাবর্ষণৰ আন্দোলন
এপাহ ফুলৰ দৰে মৰহি যায় ।
চিক-মিক, ৰূপালী হাঁহোন
হুম-হুম, ঢোলৰ গর্জন
বৃষ্টিৰাণীৰ নাচোন
মাতাল নিশাৰ সুহুৰি
পিতাইৰ ফটা পোছাকৰ মাজেদি সৰকি যায়
সেয়ে তেওঁ তজবজীয়া মাগুৰ বৰণীয়া ।
তেৱেঁই শিলাময় তেজস্বী পাহাৰ
ৰ'দ কিম্বা বৰষুণত সহজে নখহা
সবল দেহত বিৰাট উৰ্বৰতা
সেউজাৰণ্যৰ মহিমা অপাৰ ।
তেৱেঁই নয়ন নীলিম আকাশ
সুবিশাল অৱক্ষয়ত জোন-বেলি তৰা
প্ৰতিনিয়ত উজ্জ্বলিত ।
তেওঁৰ হাতৰ চাপৰিত
শাওণৰ যৌৱনা গাভৰুৱে হাঁহে
আঘোণৰ সোণৰ লখিমী নাচে
আৰু বহাগৰ সপোন কুঁহি পাহি মেলে..
নৈ নিজৰাৰ পানী একত্ৰিত হৈ
বিশাল সাগৰৰ পানী লুণীয়াৰ দৰে
ৰ'দৰ গানত
বৰষুণৰ সুৰত মগন হৈ
মোৰ বিধাতা মাগুৰ বৰণীয়া ...
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ