মাথো স্তব্ধ হৈ আছে মোৰ
স্বপ্নদুচকুত নিৰৱতাৰে বৈ থকা ,
আশাৰ ঢৌ বোৰ ।
অপেক্ষা মাথো এতিয়া
মোৰ হেঁপাহৰ পৃথিৱীত
প্ৰকাশিত হোৱা অলপ
প্ৰভাতী কিৰণৰ ,
মোৰ প্ৰবল ইচ্ছাৰ বানপানীয়ে
ডুবাই পেলাব
জীৱনৰ প্ৰহেলিকা সময়ছোৱাৰ বিষাদৰ
খৰাং পথাৰখন ॥
✍মিনাক্ষী বড়া
দৰং (অসম)
বৰবড়ী