কিতাপ-অনিল বৰ্মন

©Admin
0
কিতাপ,তই নীৰৱ কিয়?
নীৰৱতাই আনিব তোমাৰ সাধনা,
সাধনা কৰিলে পাবা জীৱনৰ সফলতা,
কিতাপ , তই নিঃস্বাৰ্থ কিয়?
নিঃস্বাৰ্থ বন্ধু নাপাবা এই পৃথিৱীত;
নাপাবা তুমি বিপদৰ বন্ধু;
সেয়ে মই লগ বিচাৰো
তোমাৰ প্ৰকৃত বন্ধু।
কিতাপ তই নিৰহংকাৰী কিয়?
তুমি নাজানা যে
জীৱন মানে গমন;
অহংকাৰ কৰিলে হʼব তোমাৰ পতন।।
যিদিনা মোক এৰিবা
সিদিনাই অনুভৱ কৰিবা
তুমি যে নিসংগতা..........।।

             ✍️ অনিল বৰ্মন
                   তৃতীয় ষাম্নাসিক,     নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)