হোমেন বৰগোহাঞি,
এৰি থৈ গলগৈ আজি
নিথৰুৱা কৰি ।
সাহিত্যৰ ভঁৰাল চহকী কৰা
উল্লেখনীয় সাহিত্যিক,
ভৱিষ্যত জীৱন সবল কৰা
বিশিষ্ট চিন্তাবিদ ।
সাহিত্যৰ সমাজত তোমাৰ
সু-নাম আছে,
কবি, গল্পকাৰ আদি
অসংখ্য ৰূপে ।
সংবাদ মাধ্যমতো তুমি
সুদূৰ প্ৰসাৰী ।
সমালোচনাৰো গুৰু তুমি
সন্তান অসমীৰ ।
গদ্যযাদুকৰ নামেৰে খ্যাত তুমি,
লেখত লব লগীয়া তোমাৰ সাহিত্যৰ বৰঙণি।
সমগ্র অসমবাসী মৰ্মাহত আজি,
কামনা মাথোঁ তোমাৰ আত্মাৰ চিৰশান্তি।।
🖋️লক্ষীন্দ্ৰ (জুমন) গগৈ
ঢকুৱাখনা, লখিমপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ