জোনাক ভালপোৱা ছোৱালীজনী-নিজৰা বৰ্মন ডেকা

বহুদিন জোনাকত গা ধোৱা নাই 
বহুদিন আকাশভৰা তৰা দেখা নাই
ৰাতিপুৱাৰ কোমল ৰ’দালী
বহুদিনেই হ’ল দেখা পোৱা নাই ৷
মুক্ত পক্ষীৰ গীতত সুৰ মিলাই
গান গাবলৈ কণ্ঠচোন ৰুদ্ধ হৈ যায় 
আকাশত চৰাইৰ সৈতে উৰি যাম বুলি
ক’বলৈ হয়তো ভাষা বিচাৰি পোৱা নাই ৷
জোনাক নিশা 'মা'ৰ কোলাত মূৰ থৈ
হাতীপটি চোৱাও  বহুদিন পাৰ  হৈ যায়
সেউজীয়া স্মৃতি পাহৰণিৰ গৰ্ভত বিলীন হৈ যায় ৷
আশাবোৰ সৰাপাত হৈ যেনি-তেনি উৰে
হঠাতে কেতিয়াবা বিষাদৰ ধূলিত থূপ খাই পৰে 
ফলি পুথি সামৰি এমুঠি ভাতৰ বাবে
ডাক্তৰণী হোৱাৰ সপোন তাতে  সামৰিলে ৷
সপোনৰ বহল সাগৰত উমলি ফুৰোঁতে
পাৰ হৈ গ’ল বহুতো বসন্তৰ বা
উৰুখা পঁজাৰ চালেৰে আহে সৰকি
পূৰ্ণিমাৰ এচমকা পোহৰৰ ৰেঙণি
জোনাক ভালপোৱা ছোৱালীজনী
সেই বাটেৰে ওলাই যায় নতুনৰ বাট বিচাৰি ৷
হয় হয় তাইয়েই সেই ছোৱালীজনী
বহুদিন জোনাকত গা ধোৱা নাই
বহুদিন আকাশত জোন তৰা দেখা নাই ৷

                      ✍️নিজৰা বৰ্মন ডেকা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send