ওলমি ৰোৱা
নাঙলটো নমালো আকৌ।
বাৰিষাৰ বৰষুণজাক আহিছে।
সেমেকি উঠিছে হৃদয়।।
আহো-নাহোকৈ অহা
এইজাক বৰষুণে অভিমান
কৰিছে নেকি !
কামনা কৰো....
এয়া যেন হৈ নুঠক।
কিন্তু বৰষুণজাকেও হয়তো
নাজানে....
খৰালিৰ স্ৰোতা মই যে নহয়।।
হৃদয়খন কত বছৰ যে
চন পৰি আছে....।
ফাঁট মেলা হৃদয়ত অভাৱ
আছিল এটুপি পানীৰ।
সেয়ে কৈছো...
জীপাল হোৱাকৈ মোক
এজাক বৰষুণ লাগিছিল।।
এইবাৰ ভাবিছো....
হৃদয়খন চহাম।
নাঙলৰ সীৰলুত
বোকাময় হ'ব হৃদয়।
মোৰ বাবে হদয়খনেই পথাৰ।
খেতি কৰিম তাত।
ৰুই দিম সেউজীয়া
গভীৰৰ পৰা গভীৰতালৈ....।
মাথো অপেক্ষা এজাক মূষলধাৰ বৰষুণলৈ।।
প্ৰাপ্তিৰ সেউজীয়া খিনি
নিজৰ কৰি ল'ম।
তেতিয়াই পৃথিৱীলৈ আঘোণ
নামিব।
আঘোণৰ বুকুতেই সেউজীয়াবোৰ
সোণালী হ'ব।
সেয়াই হ'ব ভৱিষ্যতৰ সপোন।
এতিয়া আৰু আশাৰ
পিঞ্জৰাতেই আবদ্ধ এই
পথাৰৰ কবিতা।।
✍️প্ৰদুম্ন্য দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ