মোৰ গাঁও মোৰ মানুহ-এজন পাগল প্ৰেমিকৰ আত্ম কথা -চুমিন্দ্ৰ চৌধুৰী

অৱশেষত বহু প্ৰতীক্ষাৰ অন্ত পেলাই ৰবেনে আমাৰ ষষ্ঠ শ্ৰেণীৰ সকলো ল'ৰা ছোৱালীকে গোলাপ দাদাৰ বিয়ালৈ নিমন্ত্ৰণ দিলে ৷ যোৱা এমাহৰ পৰা ৰবেনৰ মুখত ককায়েকৰ বিয়াৰ যো-জা শুনি শুনি বিয়া খোৱাৰ হেঁপাহ বাঢ়ি গৈছিল ৷ টুলটুল , বীৰেন , মুকুট আৰু মই আগভাগ ল’লো ৷ সকলোৰে পৰা বিয়া বুলি নগদ দুই টকা কৈ চান্দা তোলাৰ ৷ মাজ কুৰুৱাৰ পৰা মাত্র ব্ৰজেন , কমল , দীপক , লভিতা , কবিতা , যুতিকা , লাবণ্য , মলিন্দ্ৰ , নব , হৰকান্ত , নাৰায়ণ আৰু ৰাতুলে চান্দা দিলে ৷  ওপৰ কুৰুৱাৰ লগৰ সকলো সহপাঠীৰ পৰা চান্দা সংগ্ৰহ হোৱাৰ বাবে এটা মোটা অংক ( প্ৰায় ষাঠি টকা )  আমাৰ হাতলৈ আহিল ৷ বিয়াৰ দিনাখন শেষৰ পিৰিয়ডটো কৰি আমি সকলোৱেই সন্ধিয়া জাহাজ চপাৰ পাছত দেৱ দাদা ( ঘন্টেই দাদা) ৰ দোকানত একলগ হোৱাৰ সিদ্ধান্ত লৈ ঘৰলৈ উভটিছিলো ৷
ঘৰত আহি ভাত কেইটা নাকে কাণে গুজি দেৱ দাদাহঁতৰ ঘৰ পালোগৈ ৷ সৌভাগ্যবশতঃ দাদা দোকানতে আছিল ৷
আমি স্কুলত পঢ়াৰ দিনত লগৰীয়াৰ ককায়েক অথবা বায়েকৰ বিয়াত উপহাৰ হিচাপে কেইটামান বিশেষ উপহাৰ দিয়া এটা ধাৰা প্ৰচলিত আছিল ৷ তাৰে ভিতৰত দেখোন দাদাৰ দোকানৰ বন্ধাই ৰখা দেৱদেৱীৰ ফটো বা প্ৰাকৃতিক সৌন্দৰ্য্যৰ ডাঙৰ ডাঙৰ ফটো , মৰমী চকৰ হৰেশ্বৰ দাদাৰ দোকানৰ ফুলদানি উপহাৰ দিয়া ৷ গতিকে  লগৰ সহপাঠী সকল অহাৰ আগতেই দেৱ দাদাৰ দোকানত থকা বন্ধাই ৰখা ফটো কেইখনমান বাচনি কৰি থ'লো ৷ লাহে লাহে ৰবেনহঁতৰ বিয়াৰ ঘৰৰ পৰা অহা মাইকত বজোৱা গীতৰ কলি কাণত পৰিব ধৰাত লৰা-লৰিকৈ ঘৰলৈ আহি বিয়ালৈ যাবলৈ সাজু হ'লো ৷
সন্ধিয়াৰ জাহাজখন আহি ঘাটত  চপাৰ সময়তেই সহপাঠী ল'ৰা-ছোৱালী সকলো দেৱ দাদাৰ দোকানত লগ হ'লো ৷  সহপাঠীৰ সৰ্বসন্মতিক্রমে ৰাম , সীতা , লক্ষ্মণ আৰু হনুমানৰ ছবি থকা ফটোখন চূড়ান্ত কৰিলোঁ ৷ অৱশেষত ফটোখনৰ তলত শুভ বিবাহৰ শুভেচ্ছাবাণী লগতে নিজৰ শ্ৰেণীৰ নাম লিখি গুলপীয়া কাগজত বগা ফুল অঁকা উপহাৰ মেৰিয়াই দিয়া কাগজ এখনৰে উপহাৰটো মেৰিয়াই লৈ আমি প্ৰায় পঁচিশজন বন্ধু বান্ধৱীয়ে দল বান্ধি বিয়া 
খাবলৈ গ'লোঁ ৷ 
দৈ , চিৰা , গুৰ আৰু ৰসগোল্লাৰে পেট ভৰাই কিছুসময় বিয়া ঘৰত থাকি দৰাক উচৰ্গা দি অৱশেষত আমি ঘৰলৈ উভতিলোঁ ৷ মৰমী চকৰ দোকানকেইখন বিয়াৰ নামত বন্ধ থকাৰ বাবে এক ঘিটমিট আন্ধাৰ পৰিবেশ হৈ আছিল ৷ সেই আন্ধাৰতে মদৰ ৰাগিত মাতাল হৈ আমাৰ সকলোৰে পৰিচিত কৈবৰ্ত সম্প্ৰদায়ৰ বজেন ককাইদেউ ( ওৰফে তালুকাই )এ সুধাকন্ঠ ভূপেন হাজৰিকাৰ কালজয়ী গীত 

" মই যেতিয়া এই জীৱনৰ 
মায়া এৰি গুচি যাম......." 

কৰুণভাৱে গাই থকা শুনি কাষ চাপি গ'লো ৷ এইখিনিতেই  এটা কথা ক'ব লাগিব যে ১৯৮৭-৯০ চনৰ সময়ছোৱাত আমাৰ বৃহৎ গাওঁখনত মাত্র চাৰিজন নে পাঁচজন হে মদ খোৱা মদাহী বুলি পৰিচিত লোক আছিল ৷ আৰু সেই সকলক আমি বাটে-পথে দেখিলে লুকাই দিছিলোঁ ৷ কিন্ত তালিকাৰ ক্ষেত্ৰত ই অৱশ্যেই ব্যতিক্ৰম আছিল ৷ তেওঁ মদৰ ৰাগিত মাতাল হৈ পৰিলেও কেতিয়াও উগ্ৰ হৈ ব্যাভিচাৰ মাত মাতি হাই কাজিয়া নকৰিছিল ৷ মদৰ ৰাগিত তালুকাইয়ে  বিশেষ ভংগীমাত সুৰ টানি গোৱা সুধাকণ্ঠৰ প্ৰেমৰ গানবোৰে বাৰুকৈয়ে আমাক আকৰ্ষিত কৰিছিল ৷ সেই সন্ধিয়াও বিয়াৰ পৰা উভতাৰ পথত আমি কেইজনমানে তালুকাইক আগুৰি ধৰি এটাৰ পাছত এটা গান গাবলৈ অনুৰোধ কৰি গ'লো ৷ আমাৰো অনুৰোধ ৰক্ষা কৰি তালুকাইয়ে নাচি বাগি গান গাই গ'ল ৷ ঠিক তেতিয়াই আমাৰ মাজৰ কোনোবা এটাই তালুকাইক ৰেণুকালৈ মনত পৰে নে বুলি সোধাত আনন্দত মাতাল হৈ নাচি থকা আমাৰ পৰিচিত হাঁহি ধেমালিৰ তালুকাইয়ে হুকহুকাই কান্দিবলৈ ধৰিলে ৷ আমি কি হ'ল একো তলকিবই নোৱাৰিলোঁ ৷  লগৰ দুজন মানেহে ভেদ ভাঙ দিলে যে ৰেনুকা তালুকাইৰ পত্নী আছিল ৷ কিন্ত বিয়াৰ কিছুদিনৰ পাছতে পত্নীৰ বিয়োগত তালুকাই ভাগি পৰিছিল ৷ সদ্য বিবাহিতা পত্নীক হেৰুৱাই মৰ্মাহত হৈ লাহে লাহে তালুকাই মাতাল মদাহী হৈ পৰিলেও নিজৰ প্ৰেমক পাহৰিব পৰা নাছিল ৷ দিনটো মাছ ধৰি পোৱা টকা সিকা কেইটাৰে গধূলি এটুপি গললৈ গিলি পত্নী ৰেনুকাৰ মৰ্মান্তিক স্মৃতিৰ পৰা উপশম পাবলৈহে ৰাস্তাই ৰাস্তাই গান গাই ফুৰে বুলি জনাৰ পাছত মনটো কিবা সেমেকি উঠিছিল ৷ আৰু ঠিক তেতিয়াই আমাক সকলোকে আচৰিত কৰি তালুকাইয়ে নিজৰ জেপৰ পৰা পাঁচ টকা এখন উলিয়াই দি ক'লে , তঁহতি এই পাঁচ টকাৰে নামঘৰত দৰা কইনা দুয়োজনৰ মংগলৰ কাৰণে চাকি জ্বলাই দিবি ৷ তালুকাইৰ এইষাৰ  কথাই  মোৰ  কৈশোৰ মনত চিৰ কাললৈ ৰেখাপাত কৰি গ'ল ৷ এজন মাতাল মদাহীৰ ভিতৰত লুকাই থকা মাতাল প্ৰেমিক জনৰ মনৰ কথাখিনিয়ে সঁচাকৈয়ে মোৰ হৃদয় চুই গ'ল ৷ আমি কেতিয়াবা মানুহ এজনৰ হৃদয়খন নিচিনাকৈয়ে  তেওঁৰ প্ৰতি অভিমত প্ৰকাশ কৰি সমাজত এক সুকীয়া পৰিচয়েৰে সজাই পেলাওঁ ৷ আজি সেই অমৰ প্ৰেমৰ চানেকি তালুকাই আমাৰ মাজত নাই কিন্ত য'তেই নাথাকক তেওঁৰ আত্মা শান্তিত থাকক তাকেই ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো ৷

মোৰ গাঁৱৰ  অখ্যাত লোক সকলে এৰি থৈ যোৱা বিখ্যাত চানেকিৰে যাতে উৎসাহিত হৈ নৱ প্ৰজন্মই আগুৱাই যাবলৈ সাহস লভে তাৰেই কামনাৰে আজিলৈ সামৰিছোঁ ৷

✍️চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী ৷
     

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send