তোমাৰ অভিমানৰ টোপোলাটি- নীলা খামৰ চিঠি~নীল প্ৰতিম বৰা

©Admin
0

           ✍️নীল প্ৰতিম বৰা  টীয়ক,যোৰহাট 
                          

মৰমৰ.......
                 প্ৰিয়তমা,

কেনে আছা ...? বহুত দিন হ'ল কুমলীয়া হৃদয়ত প্ৰেমৰ উন্মেষে খিলখিলাই থকা সুন্দৰী পখিলাজনীৰ খবৰ পোৱা নাই। এমুঠি হৃদয়ত দুবাহুৱে ভৰ ল'ব নোৱাৰা মৰমৰ মাজত তোমাৰ প্ৰেমত সেন্দুৰীয়া মোৰ মনৰ বতৰ। সিদিনাখন অভিমানৰ দিঙাখনি মেলি তুমি আঁতৰি গ'লা ।নিশ্চয় ভুল বুজি আছা  তুমি ,অভিমানবোৰ এৰা  ।হৃদয়খন ফুলসজ্জিত কৰি লোৱা মোৰ প্ৰেমৰ মলয়া বতাহেৰে ,এটা কথা কি জানা ? তোমাৰ যে এই মৰম সনা অভিমানৰ অৰ্থ আজিও বুজি নাপাওঁ। এতিয়াটো তুমি এটি বিষাদৰ গান।,সুন্দৰী পখিলাজনী আজি বৰকৈ মনত পৰিছে অ'।আকাশ দুপৰীয়া বিদায় দিয়া পৰত ভন্টীক স্কুলৰ পৰা অনাৰ সময়ত তোমাৰ দৰে হাইফাই এজনী সুন্দৰী দেখি বুকুখনত ব্যাকুলতাৰ  বিষ অনুভৱ হ'ল।
 সৰস্বতী পূজাৰ দিনা সঁচাই তোমাক বহুত ধুনীয়া লগিছিল,বাৰে বাৰে ভাবো তোমাৰ কাষলৈ কেনেকৈ যাওঁ, কিন্তু কি কৰিবা তোমাৰ ভন্টী লগত থকা বাবে আশাবোৰ কলিতে মোহাৰি পেলালোঁ। কিজানিবা ঘৰত আমাৰ কথা লগাই দিয়ে,মিছাতে তুমি ঘৰত কথা শুনিবা। হ'বলগীয়া শহুৰ দেউতাৰ যিহে খং তোমাক আমাৰ প্ৰেমক লৈ মাৰিলে মই কেনেকৈ সহ্য কৰিম কোৱা। তুমিহীন প্ৰতিটো সন্ধিয়া মৰুভূমিৰ শুকান বালিছৰৰ  দৰে উদাসীন হ'ব ধৰিছে ।            
জোনাক নিশাৰ আন্ধাৰে শুকান কলিজাত বিষাদৰ গজালি মেলিছে।অ ধুনু বাৰে বাৰে কওঁ বহুত ভাল পাওঁ তোমাক,
মই বিশ্বাস হওঁ, তুমি সঁচা ভালপোৱা হোৱা ।নদীৰ পাৰৰ কুঁৱলীৰ ফেহুজালিত মালতী ফুলৰ সুগন্ধিহৈ দুয়ো জিলিকি ৰ'ম চিৰদিনলৈ।এটা কথা কি জানা? ভয় লাগে  সময়ৰ সোঁতত তুমি হেৰাই যোৱা বুলি ।মৰমৰ জোলোঙা খন লৈ আকৌ বিচাৰি যাম তোমাক ,হেৰাই যাবলৈ নিদিও সঁচা মৰমৰ দোলেৰে বান্ধি ৰাখিম তোমাক। ভাবিছো দেউতা নথকা সুৰুঙা চাই গৈ আহিম এদিন। প্ৰেমৰে চাকিগছি  অভিমানত ডুবি যাব নিদিবা ।অ' ধুনু আনৰ কথা শুনি মোক মিচলীয়া প্ৰেমিক বুলি ভুল নুবুজিবা ।ভালপোৱাৰ বিনিময়ত মাথোঁ তোমাৰ পৰা ভাল পোৱা বিচাৰোঁ।শয়নে-সপোনে তোমাকই বিচাৰো কাষত। কুমলীয়া হিয়াৰ  কোঠালীত তুমিয়েই মোৰ আউসীৰ জোন।সাঁচতীত আছুতীয়াকৈ থোৱা মৰমতটো তোমাৰ দেহৰ গোন্ধ পাওঁ।সুন্দৰী পখিলা মোৰ প্ৰাণৰ প্রিয়ে তোমাৰ ভাৱনাতেই বিভোৰ,বিয়পি আছা মোৰ দেহৰ প্ৰতিটো কোঁহে কোঁহে .....।প্ৰীতিসনা প্ৰেমৰ ৰাগীত ৰামধেনুৰ ৰং সিঁচি জোনাকী পৰুৱাৰ দেশত তোমাৰ দুহাত খামুচিব খোজো জীৱনৰ অন্তিমটো সন্ধিয়ালৈ।।  আজিলৈ এৰিছো.... ।

                                      ইতি
                             তোমাৰ প্ৰেম পূজাৰী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)