বহিবলৈ সাহস লাগে
বহিবলৈ সুযোগ লাগে।
চকীখন বৰ মধুৰ,
বহিবলৈ লালসা লাগে
বহিবলৈ ছলনা লাগে।
কিছুমানে আশা কৰে,
গধুৰ চকীত বহিবলৈ
কিছুমানে আশা কৰে,
মধুৰ চকীত বহিবলৈ
বহুতৰ বাবে বহু দূৰ এইখন চকী,
বহুতৰ বাবে অগোচৰ এইখন চকী
কাৰণ,
চকীখন বৰ গধুৰ
চকীখন বৰ মধুৰ
ইমান সহজে পাব নোৱাৰি
এনে ধৰনৰ চকী এখন
ইয়াৰ বাবে,
সাহসতো কৰিব লাগিব,
সুযোগতো পাব লাগিব,
লালসাওতো থাকিব লাগিব,
ছলনা কৰিবতো জানিব লাগিব
এতিয়া আমাৰ বাবে,
বাচি থকাৰহে সময়
এতিয়া আমাৰ বাবে সাৰে থকাৰহে সময়
এতিয়া চকু দুটা বহলকৈ মেলি দিয়াৰহে সময়
নতুন খেল এখন চোৱাৰহে সময়
বাজিগৰে খেল এখন খেলিছে
চোৱাৰহে সময়!
✍ মৌচম হাজৰিকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ