অব্যক্ত নিসংগতা-স্বৰাংগী কাশ্যপ

©Admin
0
নিসংগতা মানে জানো বুজাই অকলশৰে থকাকে?
নে বুজাই হাজাৰ জনৰ লগত থাকিও কৰা এক অকলশৰীয়া অনুভৱক?
আমিতো আছো হাজাৰ-বিজাৰ মানুহৰ সান্নিধ্যত 
কেনেকৈ হ'লো নিসংগ?
    কিন্তু কিমানজনে খুলি ক'ব পাৰিছা নিজৰ মনৰ বেথা আনজনক ?
    আনন্দবোৰ ফেচবুক ষ্টৰিত সামৰি থৈ তুমি জানো সুখী অনুভৱ কৰিছা ? 
সুখী অনুভৱ কৰিছা জানো মিছা হাঁহিটি লৈ সাঁচি থোৱা ফটোখন চাই?
    নাই কৰা নিশ্চয়?
মনত পেলোৱাচোন অন্তিমবাৰ কেতিয়া হাঁহিছিলা প্ৰাণ খুলি আৰু কৈছিলা ।
"উফ কি মজা দিন এটা পাৰ কৰিলোঁ বুলি !"
কেতিয়াবা হয়টো ভাগৰি পৰিছা ভাৱি 
কিযে হ'ব মোৰ জীৱন কাহিনী !
কেতিয়াবা ভাবিছা 
কবিতা লিখোঁ বুলি 
কিন্তু হেৰুৱাইছা শব্দৰ গাঁঠনি।
নিসংগতাই নুবুজাই অকলশৰে থকা ।
নিসংগতা মাঁথো অনুভৱ কৰিব পাৰি 
ই মাঁথো এক অব্যক্ত অনুভুতি।

স্বৰাংগী কাশ্যপ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)