লজ্জিত ধৰিত্ৰী-পল্লৱ কুমাৰ

কলিটো ধৰিছিল হে...
    ফুল হৈ চোন ফুলিবই নাপালোঁ‌
         ইমান নো নিষ্ঠুৰ নে তোমালোক...
   মোহাৰি ছিঙি ভাঙি শেষ কৰি পেলালা যে মোক
   মোৰো সপোন আছিল তোমালোকৰ বা-ভনীৰ দৰেই
   এদিন নিজকে চিনাকি দিবলৈ , 
     সেই সময়ত অলপো...
    তোমালোকৰ মনত নপৰিলনে ?
    তোমালোকৰ সেই মৰমলগা কণমানি ভনীজনীলৈ।
    মোক‌ , তোমাক , তেওঁক সকলোকে...
    একেজন ভগৱানেই সৃষ্টি কৰিছিল কিন্তু...
     তুমি চোন এবাৰো চিন্তাই নকৰিলা পশু হ'বলৈ।
     মোৰ কপালত জানো বিধাতাই এনেকৈ লিখিছিল ?
     যদি ভালেই লিখিছিল তোমালোকে চোন....
             কুণ্ঠাবোধ নকৰিলা অলপো মচি দিবলৈ।
     আৰু নকৰিবা প্লিজ তেনে পাপ চিৰদিনলৈ 
     সকলোৰে মন যায় পৃথিৱীত জীয়াই থাকিবলৈ ,
     ভগৱানৰো চাগে সংকোচ হ'ব আজি কাৰোবাক 
      আকৌ নাৰী ৰূপে 
          তোমালোকৰ মাজত জন্ম দিবলৈ ।
     তোমালোকৰো চোন মা আছে , ভনী আছে , 
     তেওঁলোকৰো জানো মন নাযায় ? 
               নিজকে সুৰক্ষা দিবলৈ
       তোমালোকৰ দৰে যদি দাদা ভাইটি থাকে
      পাৰিব জানো তেওঁলোকে 
              নিজকে বচাই ৰাখিবলৈ।
      নাৰীয়ে মাতৃ , নাৰীয়ে দেৱী , নাৰীয়ে লক্ষ্মী , কিন্তু...
        সমাজত সৃষ্টি কিছু নৰপিশাচৰ বাবে....
         হৈ আছে আজি লজ্জিত ধৰিত্ৰী ।।
                       

✍🏻পল্লৱ কুমাৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send