পৃথিৱী মাৰি ভোজ-আকাশ দাস

পথাৰৰ মাজত ভোজৰ চুৱা গিলাছ।

পৃথিৱী পচাই মদিৰা বনোৱা মানুহ-জাতি,
লগত অক্সিজেনৰ চাকনা।

হাড়গিলাৰ দীঘল ডিঙিয়ে গিলিব নোৱাৰা
প্ৰকাণ্ড মাটি-চপৰা
মানুহৰ চুটি ডিঙিত নবজে।

নবজিলে নুবুজে।

মানুহে পৃথিৱীক খাই,
বদনাম কৰ'নাই পায়।


✍️আকাশ দাস, নলবাৰী
     ৬০০০১৯১৩৭১

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send