আমি স্বাধীন নে?
আমি যদি স্বাধীন নহয়;
কোন স্বাধীন?
যাৰ বুকুত ভয় থাকে
তেওঁ জানো স্বাধীন হয়?
শিশুবোৰ বাহিৰলৈ গ'লেই ভয়
যদি অপহৰণ কিম্বা হত্যা কৰে,
তিৰোতাবোৰ কেনেকৈ স্বাধীন
যদি সেই তিৰোতাই স্বামী গৃহত
দাসীৰ দৰে থাকিব লগা হয়
কেনেকৈ স্বাধীনতাৰ গান গাব
বুকুত যদি ভয় থাকে
কোন স্বাধীন?
কোন স্বাধীন?
দেশৰ ন্যায়ালয়?
কিন্তু কি যুক্তিত ন্যায়ালয়বোৰ স্বাধীন
বুলি ক'ম;
যিয়ে দুৰ্নীতিগ্ৰস্ত শাসনকৰ্তাক
ক্ষমতাৰ পৰা অপসাৰিত কৰিব নোৱাৰে
কেনেকৈ স্বাধীন হ'ব ন্যায়ালয়।
আমিবোৰ স্বাধীনতাৰ একো একোটা
সপোন,
সপোন আৰু দিঠক
একে হয় জানো?
✍️মায়াশ্ৰী ঠাকুৰ
যোৰহাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ