প্ৰতিজ্ঞালব্ধ যুগতৰুণ ,
স্নেহতীৰ্থৰ সদাপ্ৰহৰীৰ
হৃদয়ত শব্দৰ ভৰুণ ।
"শইচৰ পথাৰ মানুহ"ৰ
আবেগবিহ্বল দলিল ,
সৃষ্টিৰ পথাৰত
শত সহস্ৰ মিছিল ।
"মৃত্যুও এটা শিল্প"
ভাৱবাদীতাৰ স্বাক্ষৰ ,
জিলিকিছে সুগন্ধি পখিলাৰ জেউতি
হৈ সোণোৱালী আখৰ ।
নৱগ্ৰহৰ ভূমিত বিলীন
বহুযুগৰ ভূমিপুত্ৰ ,
শত কবিতাৰ ৰং সিঁচি
আজি ত্ৰস্তমান সেই সূৰ্য !
অমৰ হওঁক সত্ত্বা ।
অমৰ হওঁক
বিশ্ববিশ্ৰুত খ্যাতিময় জয়গান ।
✍🏻শতাব্দী শৰ্মা
নগাওঁ মহাবিদ্যালয়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ