এটা দিন আছিল,
যিদিনা মই আইৰ হাতৰ
আঙুলিত ধৰিবলৈ বাদ দিছিলোঁ।
তেনেকৈয়ে আৰু দিন পাৰ হৈছিল,
সময়বোৰো সলনি হৈছিল.....
বস্ত্ৰবোৰ উঠঙা দেহত নোসোমোৱা হ'ল,
খাদ্যৰ তাড়নাত ভোকবোৰ বাঢ়ি গ'ল।
গুচি আহিলোঁ সেয়ে------------
মৰমবোৰৰ সৈতে দুঃখবোৰ
সানমিহলি কৰি ল'লোঁ ।
আই-বোপাইৰ ভোক কমি আহিল,
মুখবোৰো ক্ৰমান্বয়ে পূৰঠ হৈ পৰিল।
সেয়ে ইচ্ছাবোৰক পেলাই থ'লোঁ
টোপোলা কৰি এচুকত ।
ৰাতিৰ পিছত দিনবোৰ বাগৰি থাকিল,
দুহাতবোৰৰ হেঁচাবোৰ বাঢ়ি গ'ল,
অশ্ৰুকণা ৰক্ত হৈ নিগৰিল গোপনাঙ্গয়েদি ।
বিষবোৰে হৃদয়ত মৰণকাতৰত চিঞৰি উঠে,
সেইদিনা দেখিলোঁ------
মোৰ পেটটো যেন অলপ শকত হ'ল।
নাজানো তাৰ পাছত পুৱাতে
সূৰুজ উদয় হ'ল নে নহ'ল !
অস্তাচলৰ বেলিটিৰ স'তে
মইয়ো গুচি আহিছিলোঁ----
অগ্নিৰ ৰঙা শিখাবোৰক সাৱটি ।
কিন্তু,অহাৰ পৰত
বৰকৈ মনত পৰিছিল আই-বোপাইলৈ।
কান্দিবৰ সৌভাগ্য মোৰ নহ'ল !
নিৰৱে গুচি আহিলোঁ মই
স্বাৰ্থপৰ দুনীয়াৰ পৰা
অন্য এক অজান দেশলৈ ।
✍️ দেৱযানী সাধনিদাৰ
দিখৌমুখ মহাবিদ্যালয়
Congratulation
ReplyDelete