কিহৰ ভয়ে তোমাৰ বুকুখন
খুলি খুলি খাইছে ?
আজি কিয় তুমি ভাবিছা ?
তোমাৰ মৃত্যু হ’লে ,
কোনে তোমাক কান্ধত তুলি জীৱনৰ
অন্তিম ঠাইডোখৰলৈ
“হৰি বোল,হৰি বোল ”
বুলি কঢ়িয়াই নিব !
তুমিয়েই নোহোৱা জানো
জীৱশ্ৰেষ্ঠ মানৱ জাতি ?
তুমিয়েই দেখোন তোমাৰ
অদম্য শক্তিৰে,অপূৰ্ব সৃষ্টিৰে
আকাশ,পাতাল,বায়ু সকলোতে নিজৰ অস্তিত্বৰ
উমান ৰচিছা !
তুমিয়েই দেখোন পাহাৰ-ভৈয়াম একাকাৰ কৰি
অট্টালিকাৰ শাৰী পাতিছা,
তুমিয়েই গছ-গছনি কাটি
তহিলং কৰি মোৰ বুকু
উদং কৰি মোৰেই উশাহ-নিশাহ বন্ধ কৰিছা !
তোমাৰ বৈধ,অবৈধ
প্ৰতিটো কামৰ বিনিময়ত
বায়ুমণ্ডল প্ৰদূষিত হৈ
অক্সিজেনৰ সলনি
দূষিত বায়ুৰ
ৰমৰমীয়া বাহৰ পাতিছা !
তোমাৰ দৰে মোৰই সন্তান
জীৱ-জন্তু,চৰাই-চিৰিকটি
বোৰক বধ কৰিবলৈ কুণ্ঠাবোধ নকৰা ,
নিজকে জীৱশ্ৰেষ্ঠ বুলি পৰিচয় দিয়া
হে মানৱ জাতি---
আজি কিয় তুমি মৰ্মাহত হৈছা ?
কিয় তুমি তিলতিলকৈ মৰিছা
মৃত্যুভয়ৰ আশংকাত ?
তুমি মোৰেই সন্তান,
ময়ো বিচাৰোঁ,তুমি আগৰ দৰেই মুক্ত আকাশৰ তলত
আপোন মনে বাস কৰা
আঁতৰি যাব এদিন এই পৃথিৱীৰ পৰা মৃত্যুভয়ৰ যান্ত্ৰণা !
কিন্তু, আজি তুমি কথা দিয়া মোক ,
নাপাহৰিবা এই
মৃত্যুভয়ৰ যান্ত্ৰণা ৷
সৃষ্টিকৰ্তাৰ এই অনুপম সৃষ্টি
প্ৰকৃতিক ধ্বংস নকৰি
সকলোকে নিজৰ মতে
বাচি থাকিবলৈ দিয়া
আৰু নিজেও বাচিবলৈ চেষ্টা কৰা !!
✍️ঊষাৰাণী দেৱী
গোলাঘাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ