সম্পাদকীয় (২০২১ মে' মাহৰ সংখ্যা)-মন মানসিকতাৰ সলনি হওঁক

Rinku Rajowar
1
যোৱা বছৰৰ পৰা কালৰূপী ক'ৰণাই ভয়ংকৰ ৰূপ ধাৰণ কৰি মানুহৰ জীৱনত তাণ্ডৱ নৃত্য কৰি আহিছে । মানুহৰ জীৱনটোৱেই এতিয়া অনিশ্চয়তাত হাহাকাৰ কৰি আছে ।কৃত্ৰিম অক্সিজেনৰ অভাৱত বহুজনে জীয়াই থকাৰ আকাংক্ষাত চটফটাই চটফটাই মৃত্যুক আঁকোৱালি লৈছে । গোটেই পৃথিৱীখনক স্থবিৰ হৈ পৰাৰ পিছতো মানুহে ক'ত আছো উপলব্ধি কৰিব পৰা নাই ।প্ৰকৃতিৰ পৰা বিনামূলীয়াকৈ লাভ কৰা গছ-গছনি কাটি টহিলং কৰি এতিয়া জীৱনৰ লালসাত কৃত্ৰিম অক্সিজেনৰ কাৰণে ইখনৰ পিছত সিখনকৈ দামী চিকিৎসালয়ৰ পিছত দৌৰ দিব লগা হৈছে । বহুজনে যোগ্য ভোগ্য বসুন্ধৰাৰ যুজঁত হাৰ মানি উশাহৰ তাড়নাত মৃত্যুক আঁকোৱালি লৈছে । তাৰ পিছতো এচামৰ যেন মানসিক বিষাদগ্ৰস্ততাৰ অন্ত পৰা নাই। নিজৰ যৌন কামনাৰ পূৰণাৰ্থে দানৱৰ ৰূপ লৈছে এচাম পৈশাচিকে ! তেনে লোকসকল মানুহ কোৱাৰ যোগ্য  নে?প্ৰাণীৰ ভিতৰত সবাতোকৈ শ্ৰেষ্ঠ মানুহৰ আৱয়িক ৰূপ  ধাৰণ কৰা পহুুতুল্য আচৰণ কৰাবোৰে আন জন্তুৰ পৃথককৈ মগজুটোৰ ব্যৱহাৰ কৰিছেনে ? 
      ধৰ্ষণ কি বা যৌন তাড়না কি অনুভৱ কৰিব নোৱাৰা কণমানি ফুলকুমলীয়া শিশুসকলক বাৰম্বাৰ যৌন কামনাৰ বশবৰ্তী কৰিয়েই ক্ষান্ত নাথাকি দানৱৰূপী পিশাচবোৰে হত্যা কৰি শেষ কৰি পেলাইছে এটি এটিকৈ  ফুলকুমলীয়া জীৱন। তাতে ক্ষান্ত  নাথাকি নিজৰ নীচ কৰ্মক সমাজৰ আগত লুকুৱাৰ অৰ্থে বা শিক্ষিত লোকসকলৰ পৈশাচিক চিন্তা ধাৰাৰ বেৰ ঢাকিবৰ বাবে সেইসকলৰ ভ্ৰষ্টাচাৰীয়ে গৰম পানী ঢালি জ্বলাই দিয়াৰ পিছতো আত্মহত্যাৰ  ৰূপ দিবলৈ চেষ্টা কৰে। কিন্তু সেই কণমানিজনীৰ চিৎকাৰ কাৰো কাণত নপৰে । পোন্ধৰজনকৈ পিশাচে যেতিয়া আঠ বছৰীয়া শিশু এগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰে তেতিয়া  তেওঁলোকে পাহৰি যায় যে তেওঁলোকো মানুহৰূপী জীৱ শ্ৰেষ্ঠৰ এক অংশ। চৌপাশে মানুহে এতিয়া জীৱনৰ তাড়নাত ছটফটাইছে, চকুৰ আগতে কোনো নিশ্চয়তা নোহোৱাকৈ আত্মীয় স্বজনক হেৰুৱাইছে অকালতে, কোনোবা বেপাৰীয়ে নিজৰ বিক্ৰীয় সামগ্রীসমূহ জীৱনৰ আধাৰৰূপে লৈ বিক্ৰী কৰিবলৈ গৈয়ো চৰকাৰী নিৰ্দেশনা মানি খালী হাতেৰে উভতিছে, দিন হাজিৰা কৰা মানুহজনে এমুঠি আহাৰৰ বাবে উপায়হীন হৈ ঘৰৰ পৰা বাহিৰ হৈছে, কৰ'ণাৰ ভয়ত হাজাৰ হাজাৰ লোক জীৱনৰ নিৰাশাত ভূগিছে তেনে জটিল সময়তো অসমৰ প্ৰান্তে প্ৰান্তে নিত্য নৈমিত্তিক ঘটি আহিছে কণমানি শিশুসকলৰ ওপৰত যৌন নির্যাতন ।পিতৃতুল্য লোকসকলে কণ কণ শিশুসকলক নিৰাপত্তা দিয়াৰ পৰিৱর্তে নিজৰ কামনাৰ বশবৰ্তী কৰি লৈছে। মুঠতে কন্যা সন্তানৰ জীৱন লাভেই  যেন এক প্রকাৰৰ অভিশাপ হৈ পৰিছে । পুৰুষতান্ত্রিক কলুষিত মানসিকতাৰে পূৰ্ণ এচামে নাৰীক পুতলাৰ দৰে ব্যৱহাৰ কৰাটোতেই জীৱনৰ সাৰ্থকতা বুলি ভাবে ।তেনে শিক্ষিত শ্ৰেণীৰ নামত অভদ্ৰ  পুৰুষসকলৰ নিন্দনীয় কৰ্মকো  এচাম শিক্ষিত মহিলাই নীৰৱতা অৱলম্বন কৰি তেনে অপৰাধবোৰৰ উচতনি যোগোৱাটো সহায় কৰে। গতিকে যিমানেই শিক্ষিত নহওক কিয় মানুহ যদি মানুহ হ'বলৈ নিশিকে, মানুহৰ যদি মানৱীয়তা নাথাকে, মানুহ হিচাপে যদি নৈতিকতা খিনিকে আহৰণ কৰিব নোৱাৰে তেনে শিক্ষা ব্যৰ্থ ।তেনে লোকৰ বাবে যিমানেই আইন নাথাকক কিয়, মানুহৰ যদি মন মানসিকতাৰ সলনি নহয়, সুস্থ মগজুৰে চিন্তা কৰিব নোৱাৰে তেতিয়ালৈকে সমাজত তেনে ঘটনাৰ সমাপ্তি নহয়। গতিকে পৈশাচিক আশা-আকাংক্ষাৰে পূৰ্ণ শিক্ষিত চামে নিজৰ মন মগজুৰ সলনি কৰক,ফুলকুমলীয়া শিশুসকলক পৃথিৱীখন চাবলৈ দিয়ক আৰু এখন সুস্থ সমাজৰ গঢ় দিয়াত সহায়ক  হওঁক ।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. ভাল লাগিল প্ৰাসংগিক লেখনি

    ReplyDelete
Post a Comment