অনুভূতি-০১-মেৰী তিগ্গা

দোকমোকালিতে  মোবাইলটো  বাজি উঠাত মণিয়ে শুই থকা  অৱস্থাত  ৰিচিভ কৰিলে । তাই ফোনত কথা পাতি থাকোঁতেই তাইৰ অশ্ৰু  ভৰি  পৰিল ।  তাই জোৰ জোৰকৈ  কান্দিব ধৰিলে । মণিৰ লগত থকা  তাইৰ  সহপাঠী  ৰুণ্-জুনে  তাইক আচৰিত  হৈ সুধিলে তেতিয়া তাই প্ৰত্যুত্তৰত ক'লে  যে তাইৰ  দেউতায়ে এই  সংসাৰৰ পৰা চিৰবিদায় মাগিলে । ৰুণ্-জুনে ততালিকে শুৱাৰ পৰা উঠি তাইক সান্ত্বনা  দিবলৈ ধৰে ।               মণি  এগৰাকী গাঁওৰ ছোৱালী । সৰুতে তাইৰ মাক ঢুকাঁওতে   দেউতাকে  ডাঙৰ - দীঘল কৰে । গাঁওৰ  স্কুলতে দশম শ্ৰেণীলৈকে পঢ়ি  উৰ্ত্তীণ হোৱাত  তাইক চহৰলৈ পঢ়িবৰ বাবে  পঠিওৱাৰ দিহা কৰিলে ।  এখন ভাল কলেজত  নামভৰ্তি  কৰিলে ।  কলেজৰ  নিচেই  কাষতে  ভাড়াতীয়া  হিচাবে থাকিবলৈ ল'লে।  তাতে তাই ৰুণ্-জুন  নামৰ ছোৱালী এগৰাকীৰ লগত  চিনাকি হ'ল।
একেলগে  সিঁহত দু্য়োটাই  পঢ়ে।   ইফালে গাঁওত  মণিৰ দেউতাক আৰু এজনী বনকৰা ছোৱালী দুয়োজনে আছিল । বনকৰা ছোৱালী  মীৰাই  নানান কামত  মণিৰ দেউতাকক সহায় সহযোগ কৰিছিল।   মণিৰ দেউতাক ৰাহুলৰ এসময়ত ফুটবল  খেল বৰ প্ৰিয় আছিল । ৰাষ্ট্ৰীয়  পৰ্যায়তো আনকি খেলিবলৈ গৈছিল । এনেকৈয়ে  এদিন ওচৰৰ গাওঁত  খেলিবলৈ যাঁওতে  মৃণালী  নামৰ  ছোৱালীজনীয়ে তেওঁৰ অৰ্থাৎ ৰাহুলৰ খেল চাই মুগ্ধ হৈ গৈছিল । তেওঁৰ  খেলত  থকা  গুৰুত্ববোৰ চাই তাই তেতিয়াই  মনে-প্ৰাণে পতি বৰণ কৰিলে। এনেদৰে এদিন সিঁহত  দুয়োজনে  বিবাহ - পাশত আবদ্ধ  হ'ল । দুয়ো  সুখেৰে   বসবাস  কৰিব  ধৰিলে । মণি জন্ম হোৱাৰ এবছৰ  পিছত মৃণালী এই পৃথিৱীৰ  পৰা চিৰবিদায় ল'লে ।তেতিয়াৰে পৰা  মণিক দেউতাকে আদৰৰে  যতন ল'বলৈ ধৰিলে ।মণি দেউতাকৰ বাবে আলাসৰ লাডু আছিল ।

আগলৈ...........


✍️মেৰী তিগ্গা
     টংলা ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send