অৱসৰৰ লগৰী-উজ্জল বৰঠাকুৰ

©Admin
0
সন্ধিয়াৰ সময়ত মিনাক্ষী আৰু ৰঞ্জন গীতানগৰৰ ঘৰখনৰ লেনখনত বহিছিল ! মোহনে ফুল বিলাকত পানী দি আছিল। সি মাত লগালে "বাইদেউ চাহ খাব নেকি?” “অ' তোৰ কাম হ'লে কফি দুকাপ দিবি ! ” আজি ঘৰখন একেবাৰে নিমাওঁ-মাওঁ পৰিবেশ, ৰক্তিম আৰু মৃণালিনি মাকৰ ঘৰলৈ গৈছে আঠ-মঙলা খাবলৈ ! এই কেইদিন ঘৰখন বেচ হুলস্থূলীয়া পৰিবেশ হৈ আছিল,মিটিৰ কুটুমে ভৰি আছিল ৰক্তিমৰ বিয়াৰ কাৰণে । দুই এদিনৰ পিছত সিহঁতো বাংগালোৰলৈ যাবগৈ (ৰক্তিম চাকৰি সূত্ৰে তাত থাকে)। ৰক্তিম আৰু মৃণালিনি দুয়োটাই  IT Sector ত কাম কৰে !  
সেই দিনটোৰ কথা কেতিয়াও পাহৰিব নোৱাৰে । সেইদিনা তাইৰ মেট্ৰিকৰ ৰিজাল্টৰ দিন ! তাই ৰিজাল্টৰ সু-খবৰটো ঘৰত প্ৰকাশ কৰিব পৰা নাছিল । তাই বিচনাত শুই পৰিছিল। এক অন্ধকাৰ জীৱন তাইৰ মনলৈ ভাঁহি আহিছিল ৷ কিয়নো তাইৰ ঘৰখনে তাইক উচ্চ শিক্ষা দিয়াৰ যোগ্যতা নাছিল। দেউতাকে দিন হাজিৰা কৰি সিহঁতৰ ঘৰখন চলাইছিল ! কেতিয়াবা এসাজ খাই এসাজ অনাহাৰে থাকি দিন পাৰ কৰিছিল  ৷ তাই আপত্তি কৰা নাছিল, কাৰণ  তাই বুজিছিল। কিন্তু ককায়েক ব্ৰজেনে হূলস্থূল  কৰিছিল। সি পঢ়াৰ ক্ষেত্ৰত আগ বাঢ়িব পৰা নাছিল ৷গজেন মহাজনৰ পুতেক অমলৰ লগ লাগি অসৎ পথত আগবাঢ়িছিল আনকি তাইকো অমলৰ লগত বিয়া দিব বিছাৰিছিল ! সেইদিনা সন্ধিয়াৰ সময়ত স্কুলৰ প্ৰধান শিক্ষককে ধৰি সকলো শিক্ষকেই সিহঁতৰ ঘৰলৈ আহিছিল আৰু  লগত আনিছিল মিঠাইৰ টোপোলা । মিনাক্ষীয়ে ৰাজ্যখনৰ ভিতৰতে তৃত্বীয় স্থান লাভ কৰি স্কুলখনলৈ গৌৰব কঢ়িয়াই আনিছিল ! সিহঁতৰ ঘৰুৱা পৰিবেশৰ কথা চিন্তা কৰিয়েই স্কুল কৰ্তিপক্ষই তাইৰ উচ্চ শিক্ষাৰ সমস্ত খৰছ বহন কৰিব বুলি অৱগত কৰিছিল তেহে মিনাক্ষীৰ মনলৈ হাঁহি বিৰিঙি উঠিছিল ! অৱশ্যে ৰিজাল্টৰ দুদিনৰ পিছত  ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰী আহিছিল সিহঁতৰ ঘৰলৈ আৰু তাইৰ উচ্চ শিক্ষাৰ খৰছ চৰকাৰে বহন কৰিব বুলি আশ্বাস দিছিল আনকি অৰুণোদয় আঁচনিৰ অধীনত সিহঁতৰ ঘৰখনলৈ আৰ্থিক অনুদান দিয়াইছিল ঘৰটোও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পকী বনাই দিছিল ! সেই সুযোগতে মিনাক্ষীয়ে  কটন কলেজত পঢ়াৰ সৌভাগ্য লাভ কৰিছিল ! পঢ়ি থকা সময়তো ককাইয়েকে তাইক অমলৰ লগত বিয়া দিবৰ চেষ্টা কৰিছিল কিন্তু তাই কোনো কাৰণতে সৈমান হোৱা নাছিল আনকি কলেজ বন্ধৰ সময় খিনিত নিজৰ ঘৰখনলৈ নগৈ মোমায়েকৰ ঘৰত গৈ আত্মগোপন কৰি আছিল ! মোমায়েকে তাইক বৰ মৰম কৰিছিল ৷ তাইক আগুৱাই যাবলৈ প্ৰেৰণা আৰু উৎসাহ দিছিল ! পঢ়ি থকা অৱস্থাতে তাই IAS পৰিক্ষাত অৱত্তীৰ্ণ হৈছিল আৰু সফলতা লাভ কৰি তাই উচ্চ পদবীৰ চাকৰি লাভ কৰিছিল ! তাইক ঘৰৰ পৰা বিয়াৰ কথা কৈছিল কিন্তু প্ৰথমতে আপত্তি দৰ্শাইছিল যিহেতু তাইৰ কৰ্তব্যৰ কাৰণেই সংসাৰ কৰাৰ সময়ৰ অভাৱ ! তাই পঢ়ি থকা স্কুলৰ প্ৰধান শিক্ষক পৰেশ বৰুৱাৰ পুতেক কৰ্মসূত্ৰে কটন কলেজৰ অধ্যাপক ৰঞ্জন বৰুৱাৰ লগত বিবাহ পাশত বহিছিল !  আজি এইয়া দুয়ো চাকৰি জীৱনৰ অৱসৰ গ্ৰহণ কৰিছে ! সিহঁতে ইজনে আনজনক সময় দিব পাৰিছে। একেলগে বহিছে আৰু সময় পাৰ কৰিছে । আজিহে মিনাক্ষীয়ে বুজিছে বিয়াত নবহা হ'লে আজি তাই অকলশৰে সময় পাৰ কৰিব লগীয়া হ'ল হয় !
 
  ✍️উজ্জল বৰঠাকুৰ
      গুৱাহাটী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)