আমিবােৰ বন্দী ।
পানীৰ শিকলিৰে
হাত ভৰি বন্ধা আমাৰ ॥
লৌহ কঠােৰ শিকলি
আমাৰ নাই ।
শক্তিশালী পানীৰ
শিকলিত বন্দী
ওৰেতো জীৱন আমাৰ ॥
পানীতে জীও
পানীতে মৰোঁ
পানীতে খেলোঁ
পানীৰেই আমাৰ জীৱন
বাহঃ বাহঃ বাহঃ ॥
পানীৰ দেশ।
মাটিবােৰ দুৰ্বল।
মাটিৰ নিজা অধিকাৰ নাই,
পানীৰ নিৰ্দ্দেশতহে মাটিবােৰ চলে
হাঃ হাঃ হাঃ ॥
সৌ যে দেখিছা
অটব্য অৰণ্যখন,
আৰু দেখিছা
ধাননিখন !!
ধানৰ থোকবোৰে
পানীৰ কথামতেহে
উঠা বহা কৰে ।
ধান পানীয়ে নাখালেহে
মানুহে খাব পাৰে ।
পানীৰ শক্তিৰে ঘেৰা
তোমাৰ দেশ,
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ