কৰ'না বিভীষিকা-দীপ্তি কুমাৰ

©Admin
0
সময়ৰ চাকনৈয়াত সলনি হ'ল জীৱনৰ পৰিভাষা
সেউজী ধৰণীত আগমন ঘটিল মহামাৰী কৰ'না
সূৰ্য্য উঠা দেশত আজি শোকৰ ছাঁ
জনতাৰ হিয়াভঙা কান্দোনত কপি উঠে প্ৰকৃতিৰ হিয়া
অদৃশ্য বীজাণুৰ দ্বাৰা সংক্ৰমিত হ'ল হাজাৰ হাজাৰ জনতা
প্ৰকৃতিৰ কোলাত চিৰদিনলৈ নিদ্ৰাত পৰিল বহুতো নিথৰুৱা
ঘৰে ঘৰে আজি কান্দোনৰ ৰোল
সময়ৰ গ্ৰাসত পৰি জীৱনৰ নোহোৱা হ'ল মোল
সেয়ে এতিয়া সময় আহি পৰিল জাগ্ৰত প্ৰহৰী হোৱাৰ
কৰ'নাৰ গ্ৰাসত ধ্বংস‌‌স্তূপত পৰিনত হবলৈ ধৰা পৃথিৱীখনক পুনৰ জীয়াই তোলাৰ
কালৰূপী কৰ'নাক নিৰ্মূল কৰিবলৈ সাৱধানতা আৰু সজাগতা অৱলম্বন কৰাৰ
সকলোৱে সাহসেৰে পৃথিৱীখনক এই মহামাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ।।

              ✍️দীপ্তি কুমাৰ
                   পদ্মাঝাৰ (দৰং)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)