চুঙা চাই সোপা-ভাৰতী কলিতা

©Admin
0
মন্দিৰা শৰ্মা খুব শিক্ষিত তথা চহৰৰ খুব জনাজাত তিৰোতা. ! 
বিভিন্ন দল- সংগঠন লগতে তেওঁ আঞ্চলিক মহিলা সমিতিৰ সম্পাদিকা | 
এইবছৰ তেওঁ সাহসী তিৰোতা বঁটা ,২০২১পাইছে, তেওঁৰ  সেই বঁটা দিবলৈ গুৱাহাটীৰ কলাক্ষেত্ৰত ১২/৪/২০২১ ত মাতি পঠিয়াইছে.!
তাৰিখ আহিল সময়মতে তেওঁ উপস্থিত হ'ল মঞ্চত তেওঁক খুব আদৰ, সন্মানেৰে বিষয়ববীয়াসকলে লৈ গ'ল..! তেওঁক কবলৈ ঘোষিকাই মাইক্ৰফোনটো হাতত দিলে আৰু মন্দিৰা শৰ্মাই ভাষণ দিবলৈ আৰম্ভ কৰিলে | 

             হঠাৎ, বোৱা চাদৰ মেখেলা পিন্ধা বয়সীয়াল তিৰোতা এগৰাকী মঞ্চত উঠি তাইৰ পৰা মাইক্ৰফোনটো একপ্ৰকাৰৰ টানি লোৱাৰ দৰে লৈ কবলৈ ধৰিলে "যি গৰাকী তিৰোতাই নিজৰ শাহুয়েকক বৃদ্ধাআশ্ৰমত ৰাখে আপোনালোকে নিজেই থিৰাং কৰক তেওঁ কিবা বঁটাৰ যোগ‍্য হয়নে?"..
কথাষাৰ কৈ তিৰোতাগৰাকী মঞ্চৰ পৰা নামি আহিল..| 


✍️ভাৰতী কলিতা (ডিব্ৰুগড়)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)