প্ৰিয়ত্তমা(প্ৰকৃতি)তোমালৈ-লক্ষ্যজিৎ বৰা

©Admin
0
তোমাক মৰম কৰাৰ জোখাৰে
মোৰ অন্তৰত মৰম আছে।
তুমি ধুনীয়া বাবেই মোৰ
 মৰম লাগেনে,
মোৰ মৰম আছে বাবেই
 তুমি ধুনীয়া।
          সেউজীয়া মৰমৰ নীলা আকাশৰ
          চিকিমিকি তৰাৰে
          শুকুলা মেঘৰ সৈতে মিতিৰালি কৰি
          পুৱতি সুখেৰে বোৱাই আনা
          প্ৰেম আৰু মৰমৰ মন্দাকিনী।
           যেতিয়া মই শুই পৰোঁ তোমাৰ ছাঁত
          তেতিয়া তুমি হৈ পৰা এখন উন্মাদিনী সাৰথি
          মুক্ত হৈ আউলি বাউলি হৈ পৰে তোমাৰ     
           চুলিখিনি।
আউলী বাউলী হৈ তুমি
যেতিয়া মোৰ কাষৰ পৰা আঁতৰি যোৱা
মই তেতিয়া উচুপি কান্দো
কিয় জানা?
তুমি মোৰ অন্তৰৰ বৰষা, 
কিন্তু হৃদয়খন কাঢ়ি নিলা।
      মোৰ হৃদয়ত তোমাক
          ভাল পোৱাৰ জোখাৰে মৰম আছে।
          ঠিক মই নাজানো!
          তুমি ধুনীয়া বাবেই মোৰ মৰম লাগেনে
          মোৰ মৰম আছে বাবেই
          তুমি ধুনীয়া।

✍️লক্ষ্যজিৎ বৰা
বৰবালি, লক্ষীমপুৰ


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)