এটি অনাদি কালৰ কবিতা...
মাজনিশা সাধুবোৰে বৰশী টোপায়,
জোন উঠিলেও জোনাক নবয়
ধিমি ধিমি জ্বলি ৰয় তামৰঙী শলিতা...
হালধীয়া দিন আৰু তেজৰঙী ফুল
আমৰলি হিয়াত আইৰ মলীন আঁচলৰ বোল...
ৰজনীগন্ধা আৰু হাজাৰ মায়াবী সন্ধ্যা...
শেষ ক´ত এই জংগমৰ?
অতৃপ্ত বাসনাৰ সাগৰ ভৰা সংগমত নে
মহাজগতৰ মহাপ্ৰলয়ৰ মহা মহা আলিংগনত?
ওঁঠে ওঁঠে উজুঁটি খোৱাৰ বেলিকা,
জনমৰ আলিকেঁকুৰিটোত বহি আছে
এটি অনাদি কালৰ কবিতা...
✍️শ্যামল বৰা
গৱেষক ছাত্ৰ,
কটন বিশ্ববিদ্যালয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ