নিয়ম ভঙাৰ সংকল্প প্ৰথম আপুনিয়ে ল'ব লাগিব~প্ৰবন্ধ-পৰেশ দাস

সমাজ এখনৰ ৰীতি-নীতি বহুত। এই ৰীতি-নীতিবোৰৰ মাজতেই এনে কিছুমান ৰীতি-নীতি সোমাই আছে যাক সকলোৱে মানি ল'বলৈ টান পায়। অথচ কোনেও তাৰ বিৰোধ কৰিবলৈ সাহস নকৰে। মাথোঁ নিজৰ মনৰ মাজতেই নাইবা কাৰোবাক লগ পালেই কৈ অলপ সকাহ লোৱাৰ বাহিৰে আন উপায় নাথাকে। ই পৰম্পৰাগতভাৱে অতীত কালৰেপৰাই বৰ্তি আছে এই নিয়মবোৰ । তদুপৰি অন্ধবিশ্বাসৰ নামত চলি অহা নিয়মবোৰ একেবাৰে অৰ্থহীন। এইবোৰৰ শেষ কেতিয়া নাইবা শেষ হ'বনে নহয় তাৰো উত্তৰ স্পষ্ট নহয়।
    অসমীয়া সমাজখনত বৰ বেছিকৈ বোৱাৰী এজনীৰ লগত নীতি-নিয়ম খাপ খাই আছে। বোৱাৰী এজনীও কাৰোবাৰ জীয়ৰী আছিল বুলি আমি পাহৰি যাওঁ আৰু প্ৰথম দিনৰপৰাই ৰীতি-নীতি পাঠ শিকাওঁ। বোৱাৰী এজনীয়ে গিৰিয়েকৰ সমানে সমানে বহি থাকিব নাপায়,বোৱাৰী মানুহৰ মেখেলা পুৰুষৰ কাপোৰৰ লগত নাইবা ঘৰৰ সন্মুখত মানুহে দেখাকৈ মেলিব নাপায়,জ্যেষ্ঠজনৰ আগত ওৰণি নোলোৱাকৈ ওলাব নাপায়, শাহু-শহুৰৰ মুখে মুখে মাত দিয়াজনী লক্ষ্মী বোৱাৰী নহয় ইত্যাদি ইত্যাদি। এইবোৰৰ জানো আচৰিত কিবা লাভালাভ আছে ? যি কাৰণৰ বাবে বোৱাৰী এজনী কষ্টত থাকি জীৱন অতিবাহিত কৰে সেই ৰীতি-নীতি কিয় প্ৰচলন হ'ব লাগে? গিৰিয়েকৰ কাপোৰৰ লগত মেখেলা থ'ব নাপাই বুলি ঠিকেই কয় কিন্তু এটা নাতি লাগে নাতি লাগে বুলি কোৱা মানসিকতা কিয় সলনি কৰিব নোৱাৰে? কেনেবাকৈ সন্তান জন্ম দিব নোৱাৰিলেও সন্দেহৰ প্ৰথম কাঁড়ডাল বোৱাৰীজনীলেই যায়। অথচ একে বয়সৰ বোৱাৰী এজনীক অফিচলৈ গৈ মিছ বুলি মাতি আপুনি নিজেই থিয় হৈ থাকিবলগীয়া হয়। তেতিয়া লাজ লাগেনে বাৰু? 

বোৱাৰীক ছোৱালী হিচাপে ভাবিব নোৱাৰে বুলি জানো। তাৰো বহুত কাৰণ আছে। বোৱাৰী এজনীয়ে বুকুত অলেখ অযুত হেঁপাহ লৈ বোৱাৰী হৈ এখন ঘৰলৈ আহে। তাইক মনোকষ্ট দি তাইৰ অধিকাৰ কাঢ়ি লোৱাটো তাই কেতিয়াও মনে-প্ৰাণে কামনা নকৰে। কিন্তু সমসাময়িক সমাজ ব্যৱস্থাত তাকেই হৈ থকা দেখিবলৈ পোৱা যায়। 
     এইটো কথাও মিছা নহয় যে সকলো বোৱাৰীয়ে ভাল। কিন্তু শিক্ষিত,নম্ৰ বোৱাৰী এজনীক অন্ধবিশ্বাসৰ আদিপাঠ শিকাবলৈ অলপো বেয়া নালাগেনে? যি নিয়মে বোৱাৰীজনীক কোঙা কৰি ৰাখে। আপোনাৰ ছোৱালীকো অইন এঘৰত সেই ব্যৱহাৰ কৰিব। তেতিয়া কিন্তু অইন শাহু-শহুৰক ঠিকেই ভুল ধৰিব জানে। তেতিয়া আপুনি ইমান জ্ঞানী কেনেকৈ হয় ভাবি নাপাওঁ।

    আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়। আপুনি সদায়ে শক্তিশালী হৈ নাথাকে। নিমিষতে এদিন আপোনাৰ শক্তি,গৌৰৱ,অহংকাৰ ধ্বংস হৈ যাব। সেইদিনা আপোনাক মানুহৰ সহায়ৰ প্ৰয়োজন হ'ব। সেইদিনা কিন্তু আপোনাৰ কাষত আপোনাৰ বোৱাৰীয়ে থাকিব। গতিকে ভাল ব্যৱহাৰ প্ৰথমৰ পৰাই কৰিব।


মানুহে সমাজ পাতি বাস কৰে গতিকে ৰীতি-নীতি থাকিবই। সেইবুলি সমাজৰ লগত খাপ নোখোৱা ৰীতি-নীতিক মানি চলিলে নহ'ব । সেইবোৰক ধ্বংস কৰা প্ৰথম দায়িত্ব কিন্তু আপোনাৰেই। গতিকে সংকল্প লওক সমাজৰ লগত খাপ নোখোৱা,সমাজৰ প্ৰগতিত হেঙাৰ হিচাপে থকা প্ৰতিটো নিয়ম প্ৰথম ময়ে ধ্বংস কৰিম। এনেকৈয়ে এদিন নতুন সমাজ গঢ় ল'ব আৰু প্ৰতিজনী বোৱাৰীয়ে মুকলিকৈ উশাহ লৈ জীয়াই থাকিব পাৰিব।

✍️পৰেশ দাস
ঢকুৱাখনা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send