অস্পৃশ্য-অংশুমান ভূঞা

©Admin
0
"ঐ সেউতী মৰতী , তোৰ ইমান সাহনে ? মোৰ দৰে নীতি-নিয়মত চলা মানুহগৰাকীক তোৰ দৰে অকাল বিধৱা এগৰাকীয়ে  কৰা চাহ খাবলৈ যাচিছ ?"  ৰমলা বুঢ়ী ক্ৰোধান্বিত হৈ আটাহ পাৰি উঠিল ।
    "আই ঐ মাই ঐ , পেটৰ বিষত মই মৰি যাম ।সোনকালে বেজী এটা দিবলৈ সেউতী নাৰ্চক কোনোবাই মাতি আন অ'।" ৰমলা বুঢ়ীৰ মৰণ কাতৰ আৰ্তনাদৰ লগে লগে ওলাই অহা লোতকে লেতেৰা নীতি-নিয়ম ধুই চাফা কৰি নিলে।

✍🏻অংশুমান ভূঞা
     চামতা,নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)