মোৰ হৃদয়ৰ গোপন কোণত
আছুতীয়াকৈ ৰাখিছো
তুমি বিচৰা ধৰণে।
প্ৰতিপল তোমাৰ বাবে এটি কোঠা
সীমাহীন অলেখ ভালপোৱা।।
সংগোপনে থিতাপি দিম
মোৰ জীৱন বাটত এটি ভোটা তৰাৰ দৰে
তুমি মাথোঁন, তুমিয়েই!
পৃথিৱীৰ শ্ৰেষ্ঠতম আপোনজন হ'বা
কিন্তু, তুমি হতাশ নহ'বা।।
জীৱনৰ কণ্টকময় পথত
উজুটি খাই ফুৰিও, তোমাক নাপাহৰো
নিশ্চয় জানিবা।
নিৰৱে লুকাই ৰাখিছো দুখৰ যন্ত্রণা
এদিন সমাজত প্ৰতিষ্ঠিত হ'ম,তুমি তেতিয়া কান্দিবা।।
আৰ্তনাদ আৰু তিৰস্কাৰ আজি কৰিলা
নুবুজিলা মোৰ মৰম আন্তৰিকতা
জুৰুলা-জুৰুলিকৈ সহিব এদিন।
তোমাৰ শেঁতা পৰা অশ্রুৰ অহংকাৰৰ মাদকতা
বুজিবা তেতিয়া প্ৰেম-স্পন্দন জীৱনৰ সাৰ্থকতা।।
✍️চিন্ময় ডেকা
টংলা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ