মোবাইল ফোনৰ ব্যৱহাৰ, উপকাৰিতা আৰু অপকাৰিতা-নিজৰা বৰ্মন ডেকা

©Admin
8
    বৰ্তমান সময়ত দেখা গৈছে যে মোবাইল ফোনৰ ব্যৱহাৰ প্ৰায় ভাগ মানুহেৰে জনপ্ৰিয় হৈ পৰিছে। মোবাইল ফোন  এক প্ৰকাৰ এৰাব নোৱাৰা গনমাধ্যম ৰূপে পৰিগণিত হৈছে। কিয়নো মোবাইলৰ জৰিয়তে ঘৰত বহিয়েই দেশৰ খা-খবৰ পোৱাৰ লগতে নিজৰ আলহী-অতিথিৰ খবৰ পোৱা যায় । তাৰোপৰি কিছুমান  ঠাইলৈ নোযোৱাকৈয়ে মোবাইলৰ জৰিয়তে সমস্যা সমাধান কৰিব পাৰি।
অৱশ্যে সকলো বস্তুৰে ভাল বেয়া দুয়োটা দিশ থাকে । গতিকে ব্যৱহাৰ  ওপৰত ভিত্তি কৰি ভাল বেয়া বিচাৰ কৰিব পাৰি । 
 আজি কালি মানুহে ছচিয়েল মিডিয়াৰ জৰিয়তে দেশ বিদেশৰ খবৰ লৈছে।ঘৰত বহিয়েই বিভিন্ন ধৰণৰ কিতাপ পঢ়িব পৰা যায়, ইউটিউবৰ জৰিয়তে চিনেমা চাব পাৰি,গান শুনিব পাৰি, হোৱাটচএপ,ফেচবুক আদিৰ যোগেদি লাগতিয়াল ফটো আৰু বা- বাতৰি আদান-প্ৰদান কৰিব পাৰি । নজনা কথা জানিব পাৰি । পুৰণি বন্ধু -বান্ধৱী লগ পোৱা যায় ।অফিচ-কাছাৰী আদিৰ কাম ঘৰত থাকিয়েই কৰিব পাৰি । দূৰণিত থকা আত্মীয়-স্বজনৰ লগত মুখামুখিকৈ কথা বতৰা পাতিব পাৰি এই ছচিয়েল মিডিয়াৰ যোগেদি। আজি কালি আকৌ ইন্টাৰনেটৰ মাধ্যমেৰেই শ্ৰেণীৰ পাঠদান,পৰীক্ষা আদি পতা হয় । বস্তু- বাহনি অনলাইনৰ যোগেদি কিনিব পৰা যায়।ব্যৱসায় -বাণিজ্যৰ লগতে অফিচৰ কাম কাজ মোবাইলৰ সহায়ত কৰিব পাৰি । 
 অপকাৰিতা বুলি ক'লে আমি ইয়াৰ বেয়া গুণখিনি উনুকিয়াব পাৰোঁ । মোবাইল বেছিকৈ ব্যৱহাৰ কৰিলে চকুৰ ক্ষতি হয় । ছাত্ৰ ছাত্ৰী কেতিয়াবা বেয়া ভিডিঅ' চাই বিপথে পৰিচালিত হোৱাৰ পথত আগুৱাই যায় । মোবাইলত ব্যস্ত হৈ থকা বাবে ঘৰৰ মানুহৰ লগত দূৰত্ব বাঢ়ি যায় । কেতিয়াবা মোবাইলৰ বাবে  কাজিয়াৰ সূত্ৰপাত হোৱাও দেখা যায় ।
             আনহাতে ছচিয়েল মিডিয়াৰ জৰিয়তে কেতিয়াবা মিছা কথা  অপপ্ৰচাৰ হোৱা দেখা যায় । বেয়া ভিডিঅ' ভাইৰেল হৈ বহুতৰে ক্ষতি হোৱা দেখা গৈছে । গতিকে ইয়াৰ ব্যৱহাৰ কৰোঁতে সদায়ে চাই চিতি কৰিব লাগে । তেতিয়া হয়তো বিপদত পৰিব লগা নহয় ।
শেষত মই ইয়াকে কওঁ যে সাৱধানীৰ বিনাশ নাই।

✍️ নিজৰা বৰ্মন ডেকা

Post a Comment

8Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment