অতীতৰ কিছু ভুলে ...
বৰ্তমানৰ তাড়নাত জাগে পুৰণা বিষাদ
হাঁহে মোৰ ছায়াই , মোৰ দুৰৱস্থাৰ ওপৰত ।।
ক্ষন্তেকীয়া জীৱনৰ চিৰ মোৰ বিষাদবোৰ
ডুবিছে গভীৰ ক্লান্ত শব্দ সাগৰত
অনিশ্চয়তাই ভাঙিছে সপোন আপোন
সময়ে পিন্ধাইছে বাহ্যিক মুখা ।।
হাঁহিছে জগতে মোৰ ক্লান্ত শব্দ সুৰত !
নয়নে চেপি ৰাখিছে অশ্ৰু কত ...
মিত্ৰই হৈছে আজি মোৰ শত্ৰু যত
তথাপিও নুবুজে যে মোৰ অবুজ হৃদয়
মৰমৰ এনাজৰীত বান্ধ খায় প্ৰতিটো সময়
শেষত সাৰথি হয় , মোৰ অস্থিৰ কলমৰ ক্লান্ত শব্দ
য'ত মোৰ সকলো ভুলৰ শুদ্ধই ব্যৰ্থ হৈ ৰয় ...!!
✍️সেখ মনিৰুজ জামান ( মুন )
গোৱালপাৰা মহাবিদ্যালয় , গোৱালপাৰা ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ