অভিনয়-ৰঞ্জু গায়ন

জীৱনটো যদি অভিনয় হয় 
আমিবোৰ তাৰেই  অধিনায়ক হয় ,
আশাবোৰ যদিহে এখিলা উকা কাগজ হয় 
হেপাঁহৰ দিনলিপি লেখিবলৈ আমিবোৰ একো একোডাল কলম হয় ৷
জীৱন নামৰ নৌকা খনিৰ বঠাডাল ' যদিহে সচাঁ মৰমেৰে গঢ়া নহয় তেন্তে ; সেই মৰম আৰু মৰুভূমিৰ মৰীচিকা মাজত কোনো প্ৰভেদ নাথাকে ।
জীৱনৰ এই নাট্যমঞ্চ খনত অভিনয় নকৰো বুলি ভাবি বাৰে বাৰে অভিনয় কৰিব লগীয়া হয় ৷
কেতিয়াবা হাঁহি আৰু কেতিয়াবা কান্দোনৰ অভিনয় ৷
গতিকে ,জীৱন মানে অভিনয় আৰু অভিনয় মানেই জীৱন ৷


✍️ৰঞ্জু গায়ন (বৰুৱা )
     নামৰূপ 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send