অতীত-প্ৰীতিষ্ণা শইকীয়া দত্ত

©Admin
0
জুমি চোৱা অতীতলৈতাৰ বুকুতেই মোক পাবা 
স্মৃতিৰ টুকুৰাত এতিয়াও সজীৱ আমাৰ অস্তিত্ব
দুহাতে চুই চাবা আমি খেলা সেই টকৌজোপা
য'ত টোকোৰা চৰাইৰ অলেখ সপোনৰ পঁজা ।
নহ'লে আহিবা এপাক বৰ পুখুৰীৰ পাৰলৈ
আবেলিৰ ধেমালিৰে ভৰপূৰ সোণালী সময়ক পুনৰ পাবলৈ
আহিবানে আকৌ এবাৰ মোৰ ৰাণী হ'বলৈ ?
আজিও মোৰ সপোনৰ ৰাজকুমাৰীৰ সাজত তোমাকে অংকিত কৰে মোৰ হৃদয়ে !
কলিজাৰ প্ৰতি টোপাল ৰক্তই বিনাই উঠে তোমাৰ নামেৰে !
আহিবানে এবাৰ জীৱনৰ বিয়লি বেলাত আকৌ এবাৰ গাবলৈ তাহানিৰ সেই শুৱলা গান !

✍️প্ৰীতিষ্ণা শইকীয়া দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)