১৪ জুন- আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0
১৪ জুন (ইংৰাজী: 14 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৫তম (অধিবৰ্ষত ১৬৬তম) দিন। বছৰ শেষ হ'বলৈ ২০০ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল

▪️১৯২৬ - পৃথিৱীৰ বৃহত্তম দ্ৰুত ব্ৰিডাৰ নিউক্লিয় ৰিয়েক্টৰ ছুপাৰহেমিক্স কাৰ্যক্ষম কৰা হৈছিল ১৯২৬ বৰ্ষৰ আজিৰ দিনটোতে।

▪️১৯৪৬ - টেলিভিছন আৱিষ্কাৰক জন লোগি বেয়াৰ্ডৰ মৃত্যু হৈছিল ১৯৪৬ চনৰ আজিৰ দিনটোতে।

▪️১৯৬৮ - ১৯৬৮ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত কবি, সমালোচক নোবেল বিজয়ী ছালভাটোৰ কোৱাছিমডোৰ মৃত্যু হয়। তেওঁক ইটালীৰ কাব্য-সাহিত্যৰ মুকুট বিহীন সম্ৰাট ৰূপে অভিহত কৰা হয়।

▪️২০১১ - অসমৰ প্ৰথম মহিলা চলচ্চিত্ৰ পৰিচালিকা আৰু প্ৰযোজিকা সুপ্ৰভা দেৱীয়ে বৃক্কৰোগত আক্ৰান্ত হৈ ২০১১ বৰ্ষৰ আজিৰ তাৰিখতে মৃত্যু বৰণ কৰে। তেওঁ ‘নয়নমণি’ নামৰ কথাছবিখন পৰিচালনা কৰিছিল।

▪️১৯৭৫ - ৰুছদেশৰ মহাকাশযান ভেনেৰা—১০ উৎক্ষেপন কৰা হৈছিল ১৯৭৫ চনৰ আজিৰ দিনটোতে।

▪️১৯৯১ - চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ ঐতিহাসিক চহৰ লেলিনগ্ৰেডৰ নাম সলনি কৰি নতুন নাম ছেণ্ট পিটাৰ্ছৰ্বাগ দিয়া হয়।

▪️১৯৯৯ - থাবো মবেকি দক্ষিণ আফ্ৰিকাৰ নতুন ৰাষ্ট্ৰপতি হয় ১৯৯৯ চনৰ আজিৰ দিনটোতে।

▪️২০০২ - হামিদ কাৰজা আফগানিস্তানৰ ৰাষ্ট্ৰপতি হয় ২০০২ চনৰ আজিৰ দিনটোতে।

▪️২০০২ - ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰূপে বাওঁ মৰ্চাৰ লক্ষ্মী ছেহগালৰ নাম প্ৰস্তাৱিত হয় ২০০২ চনৰ আজিৰ দিনটোতে।

▪️২০০৩ - ফুটবল জগতৰ তাৰকা ডেভিদ বেকহামক ইংলেণ্ডৰ ৰাণীৰ অৰ্ডাৰ অব ব্ৰিটিছ এম্পায়াৰ সন্মান প্ৰদান কৰে ২০০৩ চনৰ আজিৰ দিনটোতে।

▪️২০০৪ - চনত প্ৰথমবাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থায়ে ৰক্তদানৰ মহত্ত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আৰু স্বেচ্ছাসেৱক ৰক্তদাতাসমূহক জীৱনদায়িনী তেজৰ দানৰ বাবে ধন্যবাদসূচক আচৰণৰ বাবে বিশ্ব ৰক্তদাতা দিৱস উদযাপন কৰিছিল।

▪️২০১৩ - চিম্পল গগৈৰ পৰিচালনাৰে, জিতুমণি টেৰণৰ প্ৰযোজনাৰে তুমি যদি কোৱানামৰ কথাছবিখন মুক্তি পাইছিল ২০১৩ বৰ্ষৰ আজিৰ দিনটোতে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)