জীৱনৰ প্ৰথম লেখা প্ৰকাশৰ দিনটো-ছাইফুদ্দিন আহমেদ

অসমীয়া সাহিত্যৰ চানেকি
0
মানুহে নিজৰ ভিন্ন ধৰণৰ চিন্তাধাৰা অথবা অনুভৱক সজাই পৰাই প্ৰকাশ কৰিব পাৰে বুলিয়েই চাগে মানুহ আন জীৱতকৈ শ্ৰেষ্ঠ ৷ আমিও মানুহ হিচাপে আমাৰ চিন্তাধাৰাক ৰূপ দিবলৈ প্ৰথম অষ্টম মান শ্ৰেণীত পঢ়িবলৈ যোৱা ২০১০ বৰ্ষত মই পঢ়া বিদ্যালয়ত অতি ধুমধামেৰে সোণালী জয়ন্তী উদ্-যাপন কৰাৰ লগতে আলোচনী এখন প্ৰকাশ কৰা হ’ব বুলি শ্ৰেণীকক্ষত ছাৰে কোৱাৰ লগতে Notice board ত জাননী এখন লগাই দিয়ে  আৰু আমাৰ ক্লাছত ছাৰে সকলোকে লিখা-মেলাৰ প্ৰতি আগ্ৰহী কৰিবলৈ নানা ধৰণৰ কৌশল অৱলম্বন কৰি শ্ৰেণীটোৰ সকলোকে নিজৰ নিজৰ লিখনি দিবলৈ আহ্বান জনায় ৷ সেই তেতিয়াৰে পৰাই মোৰ লিখা-মেলাৰ আৰম্ভণি হৈছিল, যদিও আমাৰ বৰছলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষত উলিওৱা আলোচনী "স্বৰ্ণাভ" বহু বহল হোৱাত বহুতৰে লিখনি প্ৰকাশ কৰিব নোৱাৰি দুখ ব্যক্ত কৰি এটা প্ৰাচিৰ প্ৰত্ৰিকা (Wall Magazine) উলিয়ালে আৰু সেই মেগাজিনত মোৰ "আমাৰ গাওঁ" নামৰ কবিতাটিয়ে স্থান পাইছিল ৷ আৰু তেতিয়াৰে পৰা প্ৰত্যেক দুইবছৰত এখনকৈ আলোচনী উলিওৱা হ’ব বুলিও আশা প্ৰদান কৰিছিল ৷ তেতিয়াৰে পৰা প্ৰত্যেক দুই বছৰৰ মূৰে মূৰে আমাৰ স্কুলত মই দ্বাদশ মান শ্ৰেণীলৈকে পঢ়ি থকা সময়তে ২০১২ বৰ্ষত বাৰ্ষিক মূখপত্ৰ “বুনিয়াদ” আৰু ২০১৪ বৰ্ষত “সৃষ্টিৰ বুনিয়াদ” নামৰ বাৰ্ষিক মূখপত্ৰ দুখন আমাৰ বিদ্যালয়ৰ পৰা প্ৰকাশ পাইছিল যদিও মোৰ কোনো লিখনি তাত প্ৰকাশ পোৱা নাছিল ৷
          আমাৰ স্কুলত মই যেতিয়া একাদশ শ্ৰেণী পাইছিলোঁ ৷ তেতিয়া আমাৰ বিদ্যালয়ৰ ছাত্ৰ একতা সভা ( Student Union ) ৰ সমুহ সদস্যই মিলি আমি অধ্যক্ষ মহোদয়ক আবেদন কৰি অনুৰোধ জনাইছিলোঁ যে প্ৰত্যেক শনিবাৰে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ বিকাশৰ বাবে কুইজ, গল্প, কবিতাৰ লগতে অন্যান্য কলা প্ৰদশৰ্নৰ জৰিয়তে ছাত্ৰ- ছাত্ৰীৰ সৰ্বাঙ্গীণ উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ সুযোগ প্ৰদান কৰিব লাগে বুলি ৷ তেতিয়াৰে পৰা সেই শনিবাৰৰ কাৰ্যসূচীত মই কবিতা পাঠ কৰি আহিছিলো৷ আৰু আটাইতকৈ বেছি মোৰ কবিতাৰ তেতিয়া সমালোচনাও হৈছিল ৷ মোৰ এতিয়াও মনত আছে যে মোৰ ”অঘোষিত প্ৰেম” নামৰ কবিতাটোৰ কাৰণে আমাৰ বিদ্যালয়ৰ Tiger sir খ্যাত "ৰুদ্ৰ বৰাল" ছাৰে আটাতকৈ বেয়া সমালোচনা কৰিছিল  আৰু বহু বিতৰ্কও হৈছিল মোৰ বহু কবিতাকলৈ ৷ সেই কবিতাবোৰ আজি মোৰ হাতত থকা হ’লে !
            তথাপিও মই মুঠেও লিখামেলা বাদ দিয়া নাছিলো ৷ এতিয়াৰ দৰেই যেতিয়াই মন গৈছিল তেতিয়াই কিবাকিবি লিখিছিলো ৷

        যি কি নহওক অৱশেষত মোৰ সেই দিনটো আহিল ৷ মই ২০১৫ বৰ্ষত কলেজ পোৱাত  লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ ২০১৪-২০১৫ বৰ্ষৰ আলোচনীত, মোৰ লিখনি আমাৰ চিনিয়ৰ আলোচনী সম্পাদিকা নৱনীতা শৰ্মা বাইদেৱৰ হাতত ১৬/৫/২০১৪ তাৰিখে লিখা

 “শ্মশান ঘাট” 

ভয় মোৰ কি হ’ব যিদিনা মই এক
আত্মাবিহীন শৰীৰত পৰিণত হ’ম 
কোনে কি কৰিব মোৰ কাৰণে, মই বাৰু
একোৱেই কাৰোবাক ক’ব পাৰিমনে ?
হাঁহিব কোনো কান্দিবতো মাথোঁ মোৰ
আপোনজনেহে, আক্ষেপ মোৰ
সেইদিনা মই কান্দিব নোৱাৰিম
শ্মশান ঘাটৰ শেষ স্থানহে দৰ্শন কৰিম,
মই জানো পাৰিম আপোনজনৰ
বিননি নীৰৱে সহিবলে অকলে,
মৃত্যু নাহিবা তুমি কেতিয়াও মোৰ জীৱনলৈ,
আপোনজনক শোক দিবলৈ মই নোৱাৰিম,
তুমি মৃত্যু মোৰ বিষয়ে কিবা জানানে ?
বন্ধুত্ব কৰিম আহা আমি দুয়োৱে,
মই নাযাওঁ আপোনজনক এৰি শ্মশান ঘাটলৈ,
তুমি মৃত্যু মই তোমাৰ মিত্ৰ হ’ব বিচাৰোঁ
তোমাৰ হাতে হাত ধৰি অমৰত্ব পাব বিচাৰোঁ
স্বৰ্গ বিচাৰি নাযাওঁ আপোনজনৰ প্ৰেম
ভাল পোৱা তুমি মৃত্যু যদি বুজি পোৱা
আহা মিত্ৰতা কৰি লওঁ শ্মশান ঘাটত
নোযোৱাৰ প্ৰতিজ্ঞাবদ্ধ হওঁ............!!


উপৰোক্ত কবিতাটি জমা দিয়াত ৷ তেওঁ মোৰ লিখিত কবিতাটি প্ৰকাশ যোগ্য বুলি বিবেচনা কৰাত ৷ মোৰ প্ৰথম লিখনি ছপা আখৰে প্ৰকাশ পালে ৷ মই গৈ লাইব্ৰেৰীৰ পৰা আলোচনীখন সংগ্ৰহ কৰি আনি দেখিলো আমাৰ Department ৰ মোৰ লগৰ কোনো বন্ধুৰেই লিখা প্ৰকাশ নোপোৱাত সকলোৱে দুখ প্ৰকাশ কৰাৰ লগতে মোক শুভেচ্ছাও জ্ঞাপন কৰে যেতিয়া বাৰু তেতিয়া মই কেনেকৈ সুখী হ’ব পাৰো ৷ মোৰ মনত তেতিয়া আমাৰ সেই স্কুলৰ আলোচনী দুখনলৈ মনত পৰিল আৰু বন্ধুসকলৰ দুখত ময়ো যেন নিজকে আকৌ এবাৰ দুখী অনুভৱ কৰিলোঁ ৷
হ’লেও মুহূৰ্তৰ কাৰণে নৱনীতা বাইদেৱক ধন্যবাদ জ্ঞাপনেৰে নিজকে সান্ত্বনা দি নিজৰ সৃষ্টিৰ স্বীকৃতি পোৱাত সুখী অনুভৱ কৰো৷ আৰু এতিয়াও যেতিয়াই মোৰ কোনো লিখনি প্ৰকাশ পাই তেতিয়া মই কৈ বুজাব নোৱাৰা ধৰণে সুখ অনুভৱ কৰো ৷

✍️ছাইফুদ্দিন আহমেদ আইনৰ ছাত্ৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)