চহৰখনৰ ভিতৰতে নামজ্বলা উকীল অৱিনাশ চৌধুৰী, পত্নী অদিতি চৌধুৰীয়ে আজি মাকক আশ্ৰমত থ'ব গৈছে। লগত তেওঁলোকৰ সাতবছৰীয়া পুত্ৰ ৰাহুল। লাগতিয়াল বস্তুখিনিৰে সৈতে আশ্ৰমত ৰাহুলৰ আইতাকক এৰি থৈ আহিবলগীয়া হোৱাত ৰাহুলে বৰকৈ কান্দিছিল। উভতি আহোতে ৰাহুলৰ মন ভাল লগোৱাৰ উদ্দেশ্যে পাৰ্ক আৰু ৰেষ্টুৰেণ্টত সোমাল। মাক দেউতাকৰ সৈতে ৰাহুলে খেলিলে, মনপছন্দৰ আইছক্ৰীম খালে। ৰাহুলৰ আনন্দৰ সীমা নাই। ঘৰলৈ অহা পথত ৰাহুলে দেউতাকক সুধিলে
:দেউতা, তোমালোক কেতিয়া বুঢ়া হ'বা?
: কিয় সোণটো?
:তোমালোক বুঢ়া হলে ময়ো তোমালোকক আশ্ৰমত থৈ আহিম আৰু আহোতে পাৰ্কত সোমাই খেলিম আৰু আইছক্ৰীম ......
ৰাহুলৰ কথা শুনি অৱিনাশ আৰু অদিতি শিল পৰা কপৌ যেন হ'ল।
✍️মধুস্মিতা চহৰীয়া
বুঢ়া (দৰং)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ