সবিষ্ময়ৰ সুগোন্ধ-বাণীকান্ত লহকৰ

©Admin
0
বন্ধুৰ বিপদ।বন্ধু বুলি নকয় ভাই বুলিও ক'ব পাৰি।একেখন ইঞ্জিনিয়াৰিং কলেজত পঢ়া।তেওঁ জুনিয়ৰ। মই চিনিয়ৰ ।চাকৰি দুয়োৰে নাই।মোৰ অঞ্চলত আহি থাকিব লোৱাত মোৰে কেইটামান টিউচন তেওঁক দিছো।তেওঁৰ ভাড়াঘৰত প্ৰায়ে আড্ডা মাৰো ।মোক দাদাৰ দৰেই ভাবে।সমস্যাবোৰ আলোচনা কৰি সমাধান সূত্র বিচাৰো।প্ৰায়ে হতাশ হওঁ। আমাৰ সমস্যাবোৰো বাঢ়ি গৈ থাকে। সমাধান নহয়।

তেওঁৰ তলৰ ভায়েকজন অত্যন্ত মেধা সম্পন্ন।দ্বাদশ শ্ৰেণী প্রথম বিভাগত উর্ত্তীণ হৈছে বিজ্ঞান শাখাত।এতিয়া মেডিকেল কলেজৰ বাচনি পৰীক্ষাত অৱতীৰ্ণ হৈ উৰ্ত্তীৰ্ণ হোৱাত, ঘৰখনলৈ আনন্দৰ লগতে আহি পৰিছে আর্থিক সমস্যা।খেতিয়ক দেউতাকৰ বিক্ৰী কৰিবলৈ নাই মাটি।যিখিনি আছিল সৰু ভায়েকটো পঢ়াই শুনাই এচ পি এচি বনোৱাত বিক্ৰী গ'ল। এতিয়া সি থকা নগৰখনতে থাকে কিন্তু ঘৰৰ লগত অহা যোৱা নাই।সেয়ে সিওঁ কোনো দিন যোৱা নাই জানোছা দেউতাকৰ  অভিমানত আঘাত হয়।সি জানে সি গ'লে খুৰাকৰ পৰা নিৰাশ হ'ব নালাগে হয়তো বিনিময়ত কথাৰ ফুলজাৰি মাৰিব| এনেও হ'ব পাৰে জ্বৰৰ দাহত বেৰত লঠিয়াব। এইবাৰ ঈদত ঘৰত যাওঁতে সি দেউতাকক নির্ভয় দি আহিছিল ভায়েকৰ পঢ়া শুনা সম্পূর্ণ খৰছ সি বহন কৰিব।দেউতাকে কোনো চিন্তা কৰিব নালাগে অথবা কাৰো ওচৰত হাত পাতিব নালাগে।

আমি বন্ধুবোৰে মিলি এডমিচন যিকোনো প্রকাৰে কৰাম বুলি তাক কথা দি থৈছো৷থিক আছে এডমিচন হ'ব ।তাৰ পিছত!ভাব চিন্তাত তাৰ পেটৰ ভাত আৰু চকুৰ টোপনি নোহোৱা হৈছে। সেইদিনা আটাইতকৈ সৰু ভায়েকজন আহিছিল।ই আকৌ আটাইতকৈ বেছি চোকা পঢ়াত।ষ্টেন্ডো কৰিব পাৰে সময়ত । ইয়াৰ কথা ভবা সময় আছে।ভায়েকক ৰূমত এৰি ৰে'ল ষ্টেচনৰ ফালে যাওঁতে তেওঁ মোক গৰ্বৰে কৈ কৈ গৈ মাজে মাজে  অন্যমনস্ক হৈ হেৰাই গৈছিল।

তাক ষ্টেচনত  এৰি দি মই মোৰ বাল্যবন্ধু কলিতাৰ হোটেললৈ যাওঁ।আগে দুয়ো একেলগে আছিলো।আব্দুলৰ কথাটো কথা প্রসঙ্গত ওলাল।কলিতাই তাক মোৰ পৰাই চিনি পায়।কলিতাই ক'লে দিন ভাল হ'লে সকলো হৈ যাব|মোৰ মানুহ এজনৰ লগত ভাল চিনাকি আছে।মানুহজনে এটা কোম্পানী খুলি আছে।বিল্ডিংৰ ডিজাইন,নক্সা আদি বনোৱাৰে বোধহয় হ'ব।মই কথা পাতি চাম।তোৰ বন্ধুতো ব্রেইনি ফার্ষ্টক্লাচ চিভিল ইঞ্জিনিয়াৰ।হব দে ওপৰৱালাই কৰিলে হৈ যাব। আব্দুলে ষ্টেচনত ইফালে সিফালে ঘূৰি ফুৰোতে অপ্রত্যাহিত ভাৱে ৰহিমক লগ পালে।যিজন ল'ৰাক সি ৰিক্সাৱালাৰ পৰা চি আৰ পিএফৰ চাকৰিৰ বাবে উদ্গনি দি যথাযথ সহায় কৰিছিল৷সি টিউচন কৰা ছাত্ৰজনৰ দেউতাকজন চি আই এচ এফৰ এজন ডাঙৰ অফিচাৰ আছিল আৰু যিহেতু তাৰ শৈক্ষিক অৰ্হতা আছেই দৈহিক কি কি বিষয়ত যত্ন লব লাগে বুজাই দিছিল।সেইমতে নিতৌ অনুশীলন কৰিছিল আৰু আব্দুলো সদায় লগত আছিল যেন সিহে চাকৰিটো লব।সমানে সমানে আৰম্ভ কৰিছিল দৌৰাৰ পৰা জপিয়ালৈকে।ভবাতকৈ বেছি ভাল ফল হৈ চাকৰিটো পালে যদিও সম্পূর্ণ সাৰ্থকতা খিনি আব্দুলকে দিব বিচাৰে।সি যে জীৱনত কেতিয়াবা চাকৰি কৰিব ভাবিব পৰা নাছিল,আচৰিত !।তাৰ পিছত কেবাবছৰে একো যোগাযোগ নাছিল।হঠাত আজি তাক পাই আৱেগিক হৈ পৰিল।

সি বহু চিন্তা কৰিও তাৰ সমস্যাৰ কথা তাক ক'ব নোৱাৰিলে।মই আহি সেইখিনি পাই একো আগগুৰি নাভাবি কৈ পেলালো "ই আহি পাইছে যেতিয়া তোৰ মানে আমাৰ সমস্যা কিছু লাঘৱ হ'ব।

সমস্যা!মইতো একো নাজানো আৰু ই মোক একো কোৱাই নাইচোন। ময়ে সকলো বুজাই কোৱাত সি মানে ৰহিমে হাঁহিমুখে নামভৰ্তি খৰছ বহন কৰিম বুলি কলে |মই জানো তই কথাটো মানি লব টান পাবি।মাই সদায় তহঁতৰ কথা কয়।ভাগ্যৰ বলতহে তোৰ মায়েৰাক বাইদেউ হিচাপে পাইছিল।ঘৰৰ কোনোৱে হয়তো মানি নলব।গতিকে ধাৰ হিচাপে লবি।তোৰ যেতিয়া চাকৰি হব তেতিয়া দিবি।

উত্তম কথা কৈছা।আব্দুলে কিবা কোৱাৰ আগতে মই ক'লো।ব'ল এতিয়া  কোঠালৈ,
আজি ভাল পার্টি এটা হ'ব।

কোঠাত আহি কলিতাৰ লগত হোৱা আলোচনাখিনি কʼবলৈ নাপাহৰিলো।আব্দুলে ইতিমধ্যে আবেদন পত্র জমা দি ৰখা বুলি ক'লে। সেইদিনা দুখৰ মাজতো বহু ৰাতিলৈ নানা আলোচনা কৰিলো |ওচৰৰ ৰুমৰ ভাৰাতীয়া আহিল টুৱেন্টি নাইন খেলিলো।মোৰ আৰু ৰুমলৈ যোৱা নহ'ল।

ভালে ভালে ভাইটিৰ মেডিকেল কলেজত নামভৰ্তি হৈ গ'ল।

অ ক'বই পাহৰিছো আব্দুলৰ চাকৰিটো হ'ল।যিটোৰ বাবে মই কলিতাৰ সহায় লৈছিলো আব্দুলৰ অজ্ঞাতে।জানি শুনি দোষ কৰিছিলো।কিন্তু কলিতাই কয় আব্দুলে নিজ যোগ্যতাৰ ভিত্তিত চাকৰিটো পাইছে।মালিকে হেনো কলিতাক কৈছে।


✍️বাণীকান্ত লহকৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)