নিৰন্তৰ প্ৰেম | গল্পৰ ছিৰিজ-১|-ছাইফুদ্দিন আহমেদ আইনৰ ছাত্ৰ

©Admin
0
ছোমীলাৰ আজি বৰুৱা ছাৰৰ ঘৰত বনকৰাছোৱালী হিচাপে অহা সাতটা বছৰ আঠটা মাহ তেৰদিন উকলিল ৷ ছোমিলা এতিয়া সোতৰবছৰীয়া হ’ল,যৌৱনৰ উন্মোচনীত তাই এতিয়া ব'হাগৰ কুলিটোৰ দৰে মৰম লগা মাত আৰু কপৌফুল পাহৰ দৰে সৌন্দৰ্য্য সমাহাৰেৰে যিকোনো মানুহকে নিজৰ পিনে আকৰ্ষণ কৰিব পাৰে ৷ এবাৰ কোনোবাই তাইৰ পিনে চালে আৰু হ’ল, গোটেই দিনটোৱেই যেন মানুহটোৱে ফটিকা পিয়াহীৰ দৰে নিচাতেই কাটে ৷ তাইৰ সৌন্দৰ্য্যত কোনেও যাতে কালিমা হানিব নোৱাৰে তাৰ বাবে বৰুৱা ছাৰ আৰু বাইদেৱেও  সদায় সতৰ্কতা অৱলম্বন কৰি আহিছে ৷ তেওঁলোকে তেওঁলোকৰ নিজৰ জীয়েকৰ দৰেই জ্ঞান কৰি কিছু ঘৰুৱা শিক্ষাও দি আহিছে, ছোমীলাক তেওঁলোকে যদিও বাৰে বাৰে স্কুললৈ যাবলৈ কৈছিল কিন্তু যোৱা নাছিল তাই গান গোৱাৰ প্ৰতিহে অতি আগ্ৰহী আছিল যদিও তাই বৰুৱা ছাৰ বা বাইদেৱেক সেই কথা জানিব দিয়া নাছিল ৷ কাৰণ তাই বনকৰা ছোৱালী হিচাপে জানে নিজৰ কাম ৷ বৰুৱা ছাৰৰ ঘৰত অহাৰ আগতে তাই আৰু দুখন ঘৰত কাম কৰি আহিছে, তাই ভাবিয়েই লৈছে যে তাইৰ জন্ম কেৱল লোকৰ ঘৰত কাম কৰিবলৈ হে ৷ গতিকে তাই স্কুল যোৱা নাছিল যদিও মাজে মাজে ইমান ডাঙৰ ঘৰখনত যেতিয়াই অকলশৰে থাকিব লগীয়া হৈছিল তেতিয়াই জীৱনৰ গান গাইছিল আৰু নিজৰ জীৱনটোক ভালপাবলৈ শিকিছিল। 

  বৰুৱা ছাৰ নিসন্তান আছিল বহুদিনলৈ ৷ বহু সন্তানৰ জন্ম দিয়ো তেওঁ পিতৃ হ’ব নোৱাৰাৰ কাৰণ হ’ল তেওঁৰ পত্নীয়ে সদায়ে মৃত সন্তান জন্ম দিছিল ৷ হঠাৎ এদিন বৰুৱা ছাৰে তেখেতৰ কৰ্মস্থলীৰ পৰা আহোঁতে ব্যস্ত নগৰীৰ ৰাস্তাৰ কাষত থকা নলাটোত নৱজাতক আজি তেখেতৰ একমাত্ৰ সন্তান হিচাপে পৰিচিত ডাঃ দেৱেন্দ্ৰ বৰুৱাক পেলাই দিব অহা আদহীয়া মহিলা এজনীৰ পৰা ৬ হেজাৰ টকা দি লৈ আহে আৰু নিজৰ পৰিচয়েৰে ডাঙৰ দীঘল কৰি আজি দেশৰ ভিতৰতে নামজ্বলা ব্যক্তিসকলৰ ভিতৰত ডাঃ দেৱেন্দ্ৰও এজন ৷ দেৱেন্দ্ৰক আজি বৰুৱা ছাৰৰ একমাত্ৰ পুত্ৰ হিচাপে লৈ ছাৰে গৌৰৱ অনুভৱ কৰে ৷ দেশৰ ভিতৰতে একমাত্ৰ Youngest Medical Scientist তেওঁৰেই সন্তান যদিও তেওঁ জন্ম দিয়া নাই তথাপিও কোনেও নাজানে ৷ আজি গোটেই বিশ্বত  সৃষ্টি হোৱা ক'ৰণা ভাইৰাছৰ দৰে বেমাৰৰ ঔষধ উলিয়াবলৈ দিনৰাতি একাকাৰ কৰি ভেকচিন প্ৰস্তুত কৰিবলৈ ডাঃ দেৱেন্দ্ৰই প্ৰথম পদক্ষেপ লোৱা শুনি গৰ্বৰে বৰুৱা ছাৰৰ বুকুফুলি উঠিল ৷ আজি তেখেতৰ একমাত্ৰ পুত্ৰ ডাঃ দেৱেন্দ্ৰ আঠটা বছৰৰ মুৰত নিজ ঘৰলৈ আহি আছে বুলি আজি আনন্দত বৰুৱা ছাৰ, বাইদেউ আত্মহাৰা হৈ পৰিছে ৷

     নিজৰ একমাত্ৰ সন্তান ডাঃ দেৱেন্দ্ৰ যেতিয়া আঠবছৰমান আগত ঘৰখনৰ পৰা উলাই গৈছিল ৷ গোটেই ঘৰখনেই যেন খালী খালী লাগিছিল বৰুৱা ছাৰ বাইদেউ দুয়োজনৰ মনত যেন কিবা অশান্তি অশান্তি লাগি আছিল। সেইবাবেই কোনোধৰণৰ কামৰ মানুহৰ প্ৰয়োজন নথকা সত্ত্বেও ছোমীলাক বনকৰা ছোৱালী হিচাপে আনি ঘৰখনৰ শূন্যতা পূৰণ কৰিছিল ৷ আজি নিজৰ সন্তান আহি আছে বুলি একমাহ আগতে যেতিয়াই গ’ম পাইছিল ফোন ক’লৰ জৰিয়তে তেতিয়াৰে পৰাই ঘৰখন নতুনকৈ সজাই পৰাই তুলি আছে এতিয়ালৈ সম্পূৰ্ণ কৰিবলৈয়ে পৰা নাই ৷ কি কৰিব কি নকৰিব একোৱেই ভাবি শেষ কৰিব পৰা নাই, যদিও সন্ধিয়া ১১ টাৰ Flight আছে বৰুৱা ছাৰে গাড়ীখন লৈ গৈ ৯ বজাতে বহি আছে, অপেক্ষাৰ যেন অন্ত নহয় ! 
     অৱশেষত ২ ঘন্টা পিছত Flight আহিল ছাৰে দেৱেন্দ্ৰক লৈ আহি ঘৰ পালে ৰাতি প্ৰায় দেৰটা বজাত ৷ ছোমীলাই ইতিমধ্যে নিজৰ কোঠাত টোপনিত লালকাল দি আছিল যদিও বৰুৱা বাইদেউ কিন্তু দুইটা চকুৰ পতা একে লগ কৰা নাছিল ৷ দেৱেন্দ্ৰক দেখি যেন বাইদেউৰ চকুদুটা ভৰি গৈছিল, আ হা কি যেন অনুভৱ এগৰাকী মাতৃৰ, সুদীৰ্ঘ আঠা বছৰৰ মূৰত নিজ সন্তানক কাষত পোৱাৰ আনন্দ বুজাব নোৱাৰি ৷ সকলো পৰ্বৰ শেষত মা- দেউতাৰ লগতেই শুই পৰিল দেৱেন্দ্ৰই নিজৰ কোঠালিত নগৈ ৷

    পুৱা সকলোৱে উঠি নিজৰ নিজৰ কামত ব্যস্ত হৈ গ’ল,বৰুৱা ছাৰ বাইদেউৱে একেলগে আজিৰ পাৰ্টিৰ কাৰণে বুকিং কৰা কেটাৰিং গ্ৰুপক দুটামান নতুন আইটেমৰ কথা ক’বলৈ ওলাই গ’ল ৷ এইখিনিতে ছোমীলাই নিজৰ সকলো কাম সামৰি সেই কুকিল সুৰেৰে কি মধুৰ কথাৰে জীৱনক ভালপোৱাৰ গান আকৌ জুৰিলে ৷ ছোমীলাই ডাঃ দেৱেন্দ্ৰ ঘৰত থকাৰ কথা পাহৰিয়েই আছিলে যদিও এয়াই চাগে জীৱনৰ প্ৰথম দিনৰ প্ৰায় ১০ টা মান বজাত টোপনিৰ পৰা উঠিল ডাঃ দেৱেন্দ্ৰ তাকো ইমান সুৱলা গীতৰ সুৰে তেওঁক মুগ্ধ কৰিলে কোনেনো গাইছে ইমান সুমধুৰ গীত ৷

✍️ছাইফুদ্দিন আহমেদ আইনৰ ছাত্ৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)