নিয়তিৰ পঁজাত আমি ভাৱৰীয়া
হাঁহি কান্দোনৰ জীৱন মাথোঁ
মায়া ভৰা নহয় যুগমীয়া।
কাকনো বুলিম বুকুৰ আপোন
সকলো মাথোঁ সপোন,
মাটিৰে দেহাটি মাটিতে মিলিব
মিছা এই সাজোন-কাচোন।
জীৱও অকলে এৰিব দেহক
পুঁৱতিৰ চোতালত সেমেকা কপালত
পোহৰৰ মাথোঁ কান্দোন।
কোনেনো বুজিব চকুলো মচিব
কিনো এই অবুজ কান্দোন
কোনো নাই দেখোন আপোন।
ক'লৈ আহিলোঁ যাম ক'লৈ
সকলো হেৰুৱালোঁ অচিন বাটত
জীৱন মৰিচিকা
কোনো নাই আপোন।
✍️পৰিস্মিতা তালুকদাৰ, নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ