অসমীয়া সাহিত্যৰ চানেকি"ত জীৱনৰ প্ৰথম লেখা প্ৰকাশৰ দিনটোৰ অনুভৱ-জ্ক পাই

Rinku Rajowar
0
লিখা-মেলা কৰাৰ তেনে কোনো অভিজ্ঞতা বা অভ্যাস নাই যদিও কেতিয়াবা ব্যক্তিগত জীৱনৰ লগতে সমাজত চলি থকা বা ঘটি থকা বা দেখি থকা ঘটনাবোৰৰ ওপৰত নিজৰ মত প্ৰকাশ কৰিবলৈ মন যায়। সেয়েহে কেতিয়াবা ফেচবুকত নিজৰ ৱালত মনৰ কথা প্ৰকাশ কৰাৰ চেষ্টা কৰিছিলোঁ যদিও সেয়া এতিয়া অতীত । কিয়নো ফেচবুক বন্ধ কৰাৰ কেইবা মান হ'ল ।

যি কি নহওঁক , এতিয়া আচল বিষয়লৈ আহোঁ। শিৱসাগৰৰ এগৰাকী (ফেচবুক বন্ধু) বাইদেউয়ে "অসমীয়া সাহিত্যৰ চানেকি" ৰ লিংকটো দি লেখা পঠিওৱাৰ বিষয়ে ক'লে। তেখেতে দিয়া নম্বৰটোৰ ৱাটচএপত এটি কবিতা প্ৰকাশৰ বাবে পঠিয়াই দিলোঁ। দিনটো আছিল ২৫ ডিচেম্বৰ ২০২০। ঠিক কিছু সময়ৰ পিছতেই লেখাটো গ্ৰহণ কৰা হৈছে বুলি সিমূৰৰ পৰা সঁহাৰি পোৱাৰ লগতে চানেকিৰ নিয়মাৱলীসমূহ দিলে। পঢ়িলোঁ , ভাল লাগিল।

০৩ জানুৱাৰী ২০২১। সময় প্ৰায় আবেলি ০৩ বাজি ৩০ মিনিট । কামৰ পৰা আহি মোবাইলটো খুলি চাই দেখোঁ , সাহিত্যৰ চানেকি বুলি চেভ কৰি থোৱা নম্বৰটোৰ পৰা ৱাটচএপত কবিতাটো প্ৰকাশ পোৱাৰ খবৰ। কবিতাটো আচলতে ২৮ ডিচেম্বৰ ২০২০ ত প্ৰকাশ পাইছিল। লিংকত গৈ পঢ়ি চালোঁ , নিজৰ কবিতাটোকে আকৌ এবাৰ। ফেচবুকৰ বাহিৰে অনলাইন আলোচনীত প্ৰকাশ পোৱা মোৰ জীৱনৰ প্ৰথম কবিতা। "মই আৱেগিক হ'বলৈ এৰিছোঁ।" নিজকে ভাল লাগিল । ধন্যবাদ দুলুমনি বা। ধন্যবাদ ৰিংকু ৰাজোৱাৰ ককাইদেউ। ধন্যবাদ অসমীয়া সাহিত্যৰ চানেকিৰ সমূহ পৰিয়ালবৰ্গ। 

               ইতি 

         ✍🏻জ্ক পাই

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)