ডিপ্ৰেছন-চিন্ময় ডেকা

সময়ৰ সোঁতত আধুনিকতাৰ বশৱৰ্তী হৈ এতিয়া বয়স একুৰি। জীৱনৰ বাটত টাৰ্নিং পইন্ট! ভাল-বেয়া প্ৰতিহত কৰি আগুৱাবলৈ যত্ন। মাথোঁ অযুত হতাশা, নিৰাশাৰ জোৱাৰ। ঘৰ খনৰ জ্যেষ্ঠ সন্তান হোৱা হেতুকে, মনত ইচ্ছা-আকাংক্ষা; ভাৱনাবোৰে আজি ম্লান পৰিছে। যদিও প্ৰকাশ কৰিব নোৱাৰে। কোনোৱে ইতিকিং কৰাৰ ভয়ত। কাৰণ সি অন্যৰ দৰে অশিক্ষিত নহয়! 
             অকথ্য মাত, ব্যৱহাৰ তাৰ সহ্য নহয়। চিন্তাশীল মনোবৃত্তিৰে মাথোন ডিপ্রেছনত ভোগে;  জীৱনটো কি হৈছে? সকলো দিশে বাট ভেটি ধৰে, সফলতাৰ ক্ষেত্ৰত। তাৰ জীৱনটো ঠাই লৈছে অযুত হতাশা, বাধাগ্ৰস্ততা আৰু অৱশেষত চিৰশয্যা।

✍️চিন্ময় ডেকা, টংলা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send