নাৰী-জিমিৰেখা শৰ্মা

Unknown
0
শিক্ষকক যেনেদৰে এডাল‌ মমবাতিৰ লগত তুলনা কৰা হয় ঠিক তেনেদৰে এগৰাকী নাৰীকো এডাল‌ মমবাতিৰ লগত তুলনা কৰিব পাৰি,ই নিজে জ্বলি আনকো‌ পোহৰ দিয়ে।সৃষ্টিৰ আদিতে নাৰী ।দুটি বৰ্ণতে সমস্ত পৃথিৱী আছে।নাৰী সদায় ত্যাগী ।নাৰীৰ সহনশীলতা কাৰো লগত তুলনা নহয়। পুৰুষ প্ৰধান সমাজত প্ৰতিগৰাকী নাৰী বৰ্তমান সময়ত মূৰ তুলি জীয়াই আছে ।জীয়াই থকাৰ সাহসবোৰ এতিয়া সকলোৰে হৈছে। তাহানিৰ দৰে সতীদাহ প্ৰথাই এতিয়া জীৱন বোৰ লৈ যাব নোৱাৰে।শিক্ষাৰ ক্ষেত্ৰত নাৰী বহু আগবাঢ়ি গৈ আছে।এয়া আমাৰ বাবে অতিকৈ শুভ লক্ষণ।এই শুভ লক্ষণটোক এনেকৈ বৰ্তাই ৰাখি সকলোকে শিক্ষিত কৰি তুলিলে আমি সমাজত মূৰ পাতি থিয় হৈ থাকিব পাৰিম।নাৰী যিমানে অৱহেলিত হৈ নাথাকক কিয়,সমাজখনৰ ,ঘৰখনৰ মূল পৰিচালিকা কেৱল নাৰী হয়।সৌ দিনবোৰৰ দৰে এতিয়া কোনো নাৰীয়ে অধিকাৰ বোৰৰ পৰা বঞ্চিত হৈ থাকিব লগা হোৱা নাই।নাৰীৰ প্ৰতিভা বোৰ চাৰিওদিশে বিয়পিব ধৰিছে। নাৰীৰ শক্তি বহুত বেছি । বৰ্তমান সময়ত নাৰী প্ৰতিটো সময়তে পোহৰ হৈ জিলিকি উঠিছে।এই পোহৰ আৰু অধিক জিলিকিব।।।


  ✍️জিমিৰেখা শৰ্মা।
      কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন              অধ্যয়ন বিশ্ববিদ্যালয়।
        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)