তোমাৰ বুকুখন আজি
বোকাৰে লুতুৰি-পুতুৰি
বৰষুণত তিতি তিতি
কঁপিব লাগিছে তোমাৰ বিশাল হৃদয়। এদিন তোমাৰ বুকুতে
লহ পহকৈ বাঢ়ি আহিব
সোণালী ধানৰ গছবোৰ।
আৰু, আঘোণ মহীয়া সলাবা
তোমাৰ পুৰণি কামিজ
তেতিয়া তুমি সম্পূৰ্ণ
নাঙঠ হৈ পৰিবা।
কুঁৱলীয়ে ঢাকি পেলাব
তোমাৰ নগ্ন শৰীৰ ।
তুমি থক্ থক্ কৰি জাৰত কঁপিবা, আৰু ক্ষণ গনিবা
বসন্তৰ দিনবোৰলৈ
বসন্ত আহিলে আকৌ প্ৰাণ পাই উঠিবা।
✍️ সুনীল পানিকা , কাকতি বাৰী।
৮৮১২৯৬৪১৪