মোৰ গাঁও মোৰ মানুহ-চুমিন্দ্ৰ চৌধুৰী

©Admin
0

(কুৰুৱাৰ লিওনাৰ্ড ডা ভিন্সি জনৰ আত্মকথা)

মধ্য যুগৰ ইউৰোপত নৱজাগৰণৰ সূচনা কৰা আটাইতকৈ প্ৰভাৱী লোকসকলৰ ভিতৰত লিওনাৰ্ড ডা ভিন্সি আছিল অন্যতম ৷ সৰুতে লিওনাৰ্ড ডা ভিন্সিৰ বিষয়ে পঢ়ি মই বহুত প্ৰভাৱান্বিত হৈছিলো ৷ কাৰণ তেওঁ একেধাৰে সাহিত্যিক , গণিতজ্ঞ , শিক্ষাবিদ , চিত্ৰকৰ , জ্যোতিৰ্বিজ্ঞানী, চিকিৎসক , স্থাপত্যবিদ , ভাস্কৰ্য্যবিদ আৰু দাৰ্শনিক আছিল ৷ ১৯৮০ আৰু ৯০ দশকৰ কুৰুৱাতো ঠিক তেনেকুৱাই এজন বহুমুখী প্ৰতিভাসম্পন্ন লোক আছিল ৷ তেওঁৰ নাম আছিল স্বৰ্গীয় বাবুল দাস ওৰফে বাবুল ডাক্তৰ ৷ তেওঁক সেই সময়ৰ কুৰুৱাৰ লিওনাৰ্ড ডা ভিন্সি বুলি ক'লেও হয়তো বঢ়াই কোৱা নহ'ব ৷ তেওঁ একেধাৰে চিত্ৰকৰ , লেখক , সংগীতজ্ঞ , বিপ্লৱী , বক্তা , চিকিৎসক আৰু কাৰিকৰী দিশত অভিজ্ঞ আৰু নিপুণ লোক আছিল ৷ সকলোতকৈ আচৰিত কথাটো আছিল স্বৰ্গীয় বাবুল দাসে চিকিৎসা বিজ্ঞান অথবা কাৰিকৰী দিশৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল ৷ শুনামতে স্বৰ্গীয় বাবুল দাসৰ এজন প্ৰখ্যাত ডাক্তৰৰ সতে সুগভীৰ বন্ধুত্ব আছিল ৷ স্বৰ্গীয় বাবুল দাসে নিজৰ একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত সেই বন্ধু ডাক্তৰজনৰ সহায়ত চিকিৎসা বিজ্ঞানৰ বহুতো জ্ঞান আহৰণ কৰিবলৈ সমৰ্থ হৈছিল ৷ সেই ডাক্তৰ বন্ধুৰ সতে সহায়কাৰী হৈ থাকোতেই তেওঁ ৰোগ নিৰূপণ , শল্য চিকিৎসা আদি বিষয়তো লাহে লাহে সিদ্ধহস্ত হৈ পৰিছিল ৷ ৰোগ নিৰূপণ আৰু তাৰ নিৰাময়ৰ কাৰণে ঔষধ প্ৰদান কৰা ফাৰ্মাচিউটিকেল বিষয়তো তেওঁ নিজৰ সাধনাৰ বলত পৰিপক্ক হৈ পৰিছিল ৷ লাহে লাহে তেওঁ কুৰুৱাৰ লগতে ৰংমহল , সাতগাওঁ , মান্দাকটা ,খুক্তাগুৰি , লেঙা , বমন আৰু খলিহৈ আদি দাঁতি-কাষৰীয়া অঞ্চলত বাবুল ডাক্তৰ বুলিয়েই খ্যাত হৈ পৰিছিল ৷  সাধাৰণৰ পৰা জটিল সকলো শাৰীৰিক অসুস্থতাত ভোগা ডেকা-বুঢ়া ৰোগীৰ বাবে তেওঁ আশা-ভাৰসাৰ থল হৈ পৰিছিল ৷ কিন্তু সকলোতকৈ ডাঙৰ কথাটো হ'ল বাবুল ডাক্তৰে চিকিৎসাৰ নামত দৰিদ্ৰৰ পৰা কেতিয়াও টকা নলয় বুলি সমাজত নাম আছিল ৷ প্ৰসূতিৰ বাবে তেওঁৰ চিকিৎসা সেৱা উৎকৃষ্ট মানৰ বুলিও খ্যাতি আছিল ৷ পাছলৈ অৱশ্যে তেওঁ চিকিৎসা বিজ্ঞানৰ কিছু বিষয়ত ডিপ্লমা আহৰণ কৰিছিল বুলি জনা গৈছিল ৷

"আৰু যে সময় নাই ব'লা ওলাই যাওঁ ,
বহি বহি গুনি-গাঁঠি থকাৰ সকাম কি ?
মৰিশালিৰ শান্তি কিয় জীৱনলে পিঠি দি ?
জ্যোতিৰ যাত্রী হওঁ যদি যেন সূৰ্য্য বিচাৰি পাম ৷ " ---এতিয়াও ৰিণিকি ৰিণিকি মনত পৰে শৈশৱত আমাক  স্বৰ্গীয় বাবুল দাদাই দুল দাদাহঁতৰ চ'ৰা-ঘৰত হাৰমনিয়াম বজাই এইটো কোৰাচ গাবলৈ শিকোৱা ৷ সেই সময়তে তেওঁ কুৰুৱাৰ কণ কণ ল'ৰা-ছোৱালীৰ বৌদ্ধিক বিকাশৰ বাবে মইনা পাৰিজাত নামৰ  অনুষ্ঠানটোৰ জন্ম দিছিল  আৰু সংগীতজ্ঞ বাবুল দাদা সকলো ল'ৰা-ছোৱালীৰ মাজত পৰিচিত হৈ পৰিছিল ৷ তেখেতেই প্ৰথম আমাক বিহু,পূজাৰ মঞ্চত উঠি নাচ , গান পৰিবেশন কৰিবলৈ উদগনি দিছিল ৷ 
আপোনালোকে জানে চাগৈ বাবুল দাদা এজন জাতীয়তাবাদী বিপ্লৱীও আছিল ৷ তেওঁৰ জীৱনটো জাতীয়তাবাদী আদৰ্শ আৰু চিন্তা ধাৰাৰে প্ৰভাৱান্বিত আছিল ৷  কিন্তু তেতিয়াৰ কুৰুৱাৰ সচেতন মহলে তেখেতৰ চিন্তাধাৰাক হয়তো সিমান গুৰত্ব সহকাৰে লোৱা নাছিল ৷ তথাপিও কিন্তু তেওঁৰ সমাজৰ কল্যাণৰ বাবে একক প্ৰচেষ্টা অবিৰত আছিল ৷ নব্বৈৰ দশকতে দূৰদৰ্শী  বাবুল  দাদাই এটা  খ্ৰীষ্টান মিছনেৰীৰ উদ্যোগত কুৰুৱাত প্ৰথমখন ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰিবলৈ আশাশুধীয়া প্ৰচেষ্টা চলাইছিল ৷ কিন্তু তেওঁৰ যৎপৰোনাস্তি একক প্ৰচেষ্টা স্বত্বেও সমাজৰ বাকী সচেতক সকলৰ নিৰুৎসাহৰ বাবে সেই স্কুলখন কুৰুৱাৰ বদলি বাকাতহে প্ৰতিষ্ঠা হৈছিল ৷ 
          স্বৰ্গীয় বাবুল দাসৰ কথা লিখি ওৰ পেলোৱা ইমান সহজ কথা নহয় ৷ মই মাত্ৰ হাতী মাৰি ভুৰুকাত ভৰোৱাৰহে প্ৰয়াস কৰিছোঁ ৷ পোছাক পৰিচ্ছদৰ ক্ষেত্ৰতো তেওঁ বহুত আড়ম্বৰপূৰ্ণ আছিল ৷ তেৱেঁই বোধহয় কুৰুৱাৰ প্ৰথমজন ওৱেইষ্ট কোট আৰু চুট্ পেন্ট পিন্ধা ব্যক্তি আছিল ৷ সকলোতকৈ আচৰিত কথাটো হ'ল তেওঁ এজন ভাল দৰ্জীও আছিল ৷ তেওঁ নিজৰ সকলো কাপোৰ নিজে ডিজাইন কৰি চিলাই লৈছিল ৷
   আমাৰ চুবুৰীয়া অকম্পা খুৰা ( স্বৰ্গীয় কেশৱ বৰুৱা ) ৰ লগত বাবুল দাদাৰ খুবেই ঘনিষ্ঠ সম্পৰ্ক আছিল ৷ এবাৰ তেওঁ খুৰাহঁতৰ ঘৰলৈ আহোঁতে মই তেখেতৰ স্কুটাৰখন খুব অনুসন্ধিৎসুক হৈ চকু ফুৰাই চাই আছিলোঁ ৷ স্কুটাৰখনত বিভিন্ন ৰঙা বগা চুইচ লগোৱা আছিল । বেছিভাগ চুইচ কলগেট পেষ্টৰ টিউবৰ মূখনিৰে বনোৱা ৷ মই ৰ লাগি চাই থকাৰ মাজতে বাবুল দাদাই আহি মোৰ গালখনত মৰমেৰ টোকৰ এটা মাৰি কৈছিল , "ডাঙৰ হৈ ইঞ্জিনীয়াৰ হ'ব পাৰিবা তুমি ৷ তোমাৰ ইন্টাৰেষ্ট আছে ৷" কথাখিনি কৈয়েই দাদাই পেডেল নমৰাকৈয়ে স্কুটাৰখন চুইচ টিপি ষ্টাৰ্ট দি চলাই গৈছিল ৷ পেডল নমৰাকৈ স্কুটাৰখন কেনেদৰে ষ্টাৰ্ট কৰিছিল সেইয়া বহু দিনলৈ মোৰ মনত সাঁথৰ হৈয়েই ৰৈছিল । পাছত বহু বছৰৰ মূৰত অটো ষ্টাৰ্ট স্কুটাৰবোৰ দেখাৰ পাছতহে সেই ৰহস্যৰ ওৰ পৰিছিল ৷ পাছে আচল কথাটো হ'ল অটো ষ্টাৰ্ট স্কুটাৰ অহাৰ আগতেই বাবুল দাদাই কি বুদ্ধি খটুৱাই  স্কুটাৰখন অটো ষ্টাৰ্ট কৰাইছিল ৷ আজি যদি তেখেত জীৱিত অৱস্থাত থাকিলহেঁতেন তেওঁক নিশ্চয় সুধিলোহেঁতেন ৷ কিন্ত কিংবদন্তি বাবুল দাদাৰ অকাল মৃত্যুৰ বাবে সেইটো আৰু সম্ভৱপৰ নহ'ল ।
        আজি ডাক্তৰ বাবুল দাদা আমাৰ মাজত নাই ৷ তেওঁৰ আত্মাই চিৰ শান্তি লাভ কৰক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৷ মোৰ গাঁৱৰ এই অখ্যাত লোকসকলে এৰি থৈ যোৱা বিখ্যাত চানেকিৰে যাতে উৎসাহিত হৈ নৱপ্ৰজন্মই আগুৱাই যাবলৈ অনুপ্ৰেৰণা পাই তাৰেই কামনাৰে আজিলৈ সামৰিছোঁ ৷

✍️চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)