অনাকাংক্ষিত মৃত্যুৰ আৰ্তনাদ-জয়া মণি ডেকা

Rinku Rajowar
0
পৃথিৱীত আজি অনাকাংক্ষিত মৃত্যুৰ কি যে ভয়ানক  আৰ্তনাদ...
 কোনোবাই ৰচিছে হত্যা,লুণ্ঠন,ধৰ্ষণৰ বিভ্ৰাট নিনাদ..৷৷
অনিয়ম ,অবিচাৰেই মাতিছে নেকি ধ্বংসৰ গ্লানি
মানৱ শ্ৰেষ্ঠ পৃথিৱীত কিয় জীৱৰ আলাই-আথানি ??
পাপৰ আখৰাত চাগে সকলো ব্যস্ত
সেয়ে চাগে পৃথিৱীও হৈ পৰিছে অভ্যস্ত ??
দুৰ্নীতিৰ দুৱাৰ দলিত সকলো ৰুদ্ধ
মানুহৰ ঈশ্বৰ প্ৰেম ,ভকতিত ঈশ্বৰো আজি দগ্ধ পৃথিৱীত চলিছে জীৱন-মৃত্যুৰ কি যে  মহাৰণ..
ঈশ্বৰে ৰাখিলে থাকিব জীৱন ...৷৷
সেয়ে সুখ ভোগ পাহৰি ঈশ্বৰ মুখী হোৱা
সৎ নিষ্ঠা আদৰ্শৰে মানৱতাৰ গীত গোৱা ..৷৷

                        ✍️  জয়া মণি ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)