সকলোবোৰ ইচ্ছা-আকাংক্ষা
য'ত মৰম ভালপোৱাৰ বেহ
তাতেই আছে...
বহু স্বাৰ্থপৰতাৰ সমাবেশ
দেহা-ৰূপ-যৌৱন
সকলোবোৰ মোহনীয় জাল
যদি প্ৰেম হয় মৰমৰ সুৱাস
তেন্তে ৰূপ যৌৱন হয় আকৰ্ষণ ।
বিসংগতি বহু প্ৰেমৰ
মিছা চেনেহ-প্ৰীতি
তেনে অসংখ্য ।
সকলোৰে এক লুপ্ত চৰিত্ৰ
প্ৰেমবেহত লুণ্ঠন কৰিব খোজা
এক লুপ্ত মানসিকতা।
প্ৰকৃত ভালপোৱাৰ নাই
কোনো ঠাই
মাত্ৰ চাৰিওদিশে
নিজা তৃষ্ণা পূৰণৰ
লালসাত মুগ্ধ অভিপ্ৰায়।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ