নিজস্ব প্ৰতিভাধাৰী সত্বা অভিনেতা ৷
সংলাপ আৰু অভিনয়ক জীৱন দিয়া
এক স্বর্ণিল অধ্যায় ৷
অভিনেতা এজন নিজেই এখন গ্ৰন্থ
যাৰ প্ৰতি পৃষ্ঠাই মনোগ্ৰাহী হয়
সংলাপ আৰু অভিনয়েৰে ৷
বিভিন্ন বিপদ- আপদ
বিভিন্ন সুবিধা- অসুবিধা সকলো নেওচি
মুখত এমোকোৰা হাঁহি লৈ
তেওঁলোকে কৰি যায় অভিনয় ৷
নিৰৱিচ্ছিন্ন অভিনয়ৰ মাজতো
কোনোবাখিনিত প্ৰাপ্যও হেৰায় ৷
তথাপিও চিৰকাল অপ্ৰতিহত
তেওঁলোক অভিনেতা ৷
✍️শতাব্দী শৰ্মা
নগাওঁ মহাবিদ্যালয়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ