আবেলি বেলিৰ ৰং - অঞ্জুমণি হাজৰিকা

কলিংবেলটোৰ শব্দ শুনি অলকা দেৱীয়ে দৰ্জাখন খুলি বাহিৰত এজন যুৱক ৰৈ থকা দেখি মাত লগালে ।
"নমস্কাৰ বাইদেউ, মোৰ নাম সাগৰ । বাইদেউ ,আপোনালৈ এখন নিমন্ত্ৰণী পত্ৰ মোৰ হাতত দি পঠিয়াইছে । আপুনি পঢ়ি চাই সকলো গম পাব ।"
তেওঁ চিঠিখন পঢ়ি আৱেগিক হৈ পৰিল । আবেলিৰ বেলিৰ ৰঙে তেওঁলৈ কঢ়িয়াই আনিছে অকল্পনীয় সন্মান । আবেলিৰ চোতালত বহি ঘূৰি চাই অতীতলৈ বুটলি আনিছিল স্মৃতিৰ সঁফুৰাৰ ৰং । একাগ্ৰহ সাধনাত সময়ে  জয়ৰ মুকুট পিন্ধালে । আজি তাৰেই সফলতাৰ স্বাক্ষৰ চিঠিখনে অকল্পনীয় ভাৱে কঢ়িয়াই আনিছে । 
আকৌ উজ্বলি উঠিল মুখখন অস্তাচলৰ বেলিৰ হেঙুলীয়া আভাৰ পৰশত । 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send