১২ জুন (ইংৰাজী: 12 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৩তম (অধিবৰ্ষত ১৬৪তম) দিন। বছৰ শেষ হ'বলৈ ২০২ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল
- ১৮৮৩ - সোণৰ পদক লাভেৰে পদাৰ্থবিদ তথা ৰসায়নবিদ মেডাম কুৰীয়ে স্কুলীয়া জীৱন শেষ কৰিছিল।
- ১৮৯৭ - ৮.১ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ প্ৰচণ্ড ভূমিকম্পৰ সৃষ্টি হয়। এই ভূমিকম্পৰ ফলত অসমত প্ৰায় ১৫০০জন লোকৰ মৃত্যু হৈছিল।
- ১৮৯৮ - ফিলিপাইন স্বাধীন হৈছিল।
- ১৯৬১ - মহাকাশলৈ যোৱা প্ৰথম মানৱ য়ুৰি গেগেৰিন-এ পোলেণ্ডৰ পৰা ‘‘Cross of Grunewald, 1st class’’ সন্মান লাভ কৰিছিল।
- বিশ্ব শিশু শ্ৰমিক দিৱস।
- ৰাছিয়াৰ স্বাধীনতা দিৱস।
- ফিলিপাইনৰ স্বাধীনতা দিৱস।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব