অতৃপ্ত-স্বপ্নগাথা-জ্ঞানকমল (মিন্টু হাজৰিকা)

Unknown
1
জীয়াভৰলী নদীৰ পাৰৰ মথাউৰিৰ তলৰ এখন মুছলিম বসতি পূৰ্ণ গাওঁ। বাট-পথলৈ এতিয়া অলপ সুস্থিৰতা আহিছে। শিলগুটি- আলকাতাৰাৰ ৰং নালাগিলেও চাৰিচকীয়া বাহন আহ-যাহ কৰিব পৰা হৈছে। কিন্তু বাৰিষা আহিলেই এই ৰাষ্টাটো খেচ দিয়া খেতি-পথাৰলৈ পৰিৱৰ্তন হয়। গৰু-ম'হ বাদ দি এতিয়া ট্ৰেক্টৰেৰে খেতি-পথাৰ চহোৱাৰ বাবে আহ-যাহ কৰা একমাত্ৰ কেঁচা পথটোৰ ওপৰত সঘন আহ-যাহ কৰোতে ট্ৰেক্টৰৰ বিশাল চকাৰ ঘূৰ্ণন আৰু ঘৰ্ষনত তিষ্টিব নোৱাৰি এনে কৃষিভূমিলৈ পৰিৱৰ্তন হৈছে। গাওঁবাসীৰ ঘৰবোৰলৈ লক্ষ্য কৰিলেও ধৰিব পাৰি ৰাইজ সকলে কিমান দুৰ্বিসহ জীৱন অতিবাহিত কৰিছে। নৰাৰ চাৱনীৰে সৈতে চাৰিওফালে আৱৰি থকা ইকৰাৰে পাতলকৈ বন্ধা বেৰৰ ঘৰ বোৰতে সিহঁতৰ দুৰ্বিসহ জীৱনটো আৱদ্ধ। যাতায়তৰ অসুবিধাৰ বাবেই যুগ যুগ ধৰি গাঁৱৰে ছোৱালী গাঁৱৰেই কোনোবা এজনৰ লগত ফুলকুমলীয়া বয়সতে বিবাহপাশত আৱদ্ধ হৈ দিন অতিবাহিত কৰিছে। ঘৰৰ আৰ্থিক অৱস্থাৰ বাবে বাপেক-মাকেও ঘৰখনত এটা পেট ভঁৰাল কমাৰ স্বাৰ্থতেই এই কামত লিপ্ত হয়। আনহাতে ল'ৰা ঘৰে বোৱাৰী কৰি চপাই লয় ঘৰৰ যাৱতীয় কামবোৰ কৰাৰ লগতে সময়ত ভাতমুঠি মুখৰ আগত পাই কৃষিকৰ্মত মনোনিৱেশ কৰিববলৈ যোৱাত সুবিধা হ'বৰ বাবে। অৱশ্যে তাৰ মাজতেই ওপৰুৱাকৈ সেই ফুলকুমলীয়া ছোৱালীবোৰে আন এটা দায়িত্ব ঘনাই ল'ব লগাত পৰে। ঘনাই ব'ব লগাঅপৰিকল্পিত পৰিয়াল পৰিকল্পনাই সিহঁতৰ জীৱনটো দুৰ্বিসহৰ পৰা আৰু দূৰ্বিসহ কৰি তোলে। খাদ্যৰ সংকটত পুষ্টিহীনতাত ভোগা পৰিয়াল বোৰৰ গৰাকীয়ে ঘনাই সন্তানৰ মাকৰ বোজা ব'ব লগা হোৱাত  সিহঁতৰ জীৱনলৈও অন্ধকাৰ নামি আহে। বেছি সংখ্যকে ইয়াৰ বোজা ব'ব নোৱাৰি আদ বয়সতে জীৱনটোৰ পৰা অব্যাহতি ল'ব লগাত পৰিছে। জীয়াই থকা কেইগৰাকীয়েও সন্তান আৰু ঘৰুৱা কৰ্মৰ বোজাত মৃত্যুসম যান্ত্ৰনা ভূগিছে। নিকাহৰ দিনধৰি সতেজ সেউজীয়া পৃথিৱীৰ পৰা লুকাই অগোচৰে অন্ধকূপ সদৃশ ঘৰৰ চাৰিবেৰৰ মাজতে দিন অতিবাহিত কৰিব লগাত পৰিছে। কিন্তু পুৰুষবোৰৰ সেইফালে কাণষাৰ দিবলৈ সময় নাই। এজনীয়ে বিষৰ্জন দিয়া দুদিন পাছতেই আন এজনী চপাই অভাৱ পূৰণ কৰি পুনৰ পুৰণি ধাৰা অব্যাহত ৰাখিছে। নতুনকৈ জন্মলাভ কৰা নিস্পাপ সন্তান বোৰও জীৱনৰ আও-ভাও বুজি নাপাওঁতেই পুষ্টিহীনতাত ভূগি জীৱনৰ প্ৰাৰম্ভিক বয়সতে সমাজখনৰ আৰ্থিক সংকটৰ আন এটা বোজা  ব'ব লগাত পৰিছে। ক্ৰমান্বয়ে এই সন্তান বোৰ শিশুৰ ফালে বাঢ়ি আহি পদে পদে এই সমাজ খনৰ জীয়া সত্যৰ সন্মুখিন হ'ব লগাত পৰিছে আৰু ল'ৰা ধেমালি, খেলা বয়সতে শিশু শ্ৰমিক ৰূপে পৰিচিত হ'বলৈ বাধ্য হৈছে।আনহাতে একমাত্ৰ কৃষিজীৱি গাওঁখনৰ জীয়াই থকাৰ একমাত্ৰ ভৰসা চাৰিসীমাত থকা মথাউৰি টোৱেই । মাজে মাজে কোনোবা বছৰ নদীৰ পাৰৰ মথাউৰিটোৱে পানী ধৰি ৰখাত অৱস হ'লেই এই গাওঁবাসীৰ জীৱনলৈ অমানিশা নামি আহে। এসাঁজ ভাতৰ বাবে পেটৰ ভোকত ককবকাব লাগে।

 এই গাঁৱৰে অৱসৰ প্ৰাপ্ত ৰাজ্যিক কৰ্মচাৰী ৰহিমৰ ঘৰ খন পিছে গাওঁখনৰ আন মানুহৰ ঘৰতকৈ সন্তোষজনক। ঘৰৰ ভেটিতো ৰাষ্টাতকৈ অলপ ওখ। কোৱা শুনিছো এইভেটিটো আগতে ইটাভাটাৰ জুই দিয়া মিয়ান আছিল। পাছলৈ বাঢ়নী পানীয়ে ঘনাই আমনি কৰিবলৈ লোৱাত এই ইটা ভাটাটো কিছু নিলগলৈ লৈ যোৱাত এই ঠাই অংশ খালী হৈ বহুবছৰ পৰি থকাত ৰহিমে তিনি কুৰি টকাৰ দৰত কিনিলৈ তাতে বাসোপযোগী  ঘৰ এটা বনাই থাকিবলৈ লৈছিল। আৱশ্যে ৰহিমৰ নিকাহৰ পাছত সেই ঘৰলৈ এক -দুইকৈ  মুঠ পাঁচটা ন-আলহিৰ আগমন ঘটাত   সিহঁত ডাঙৰ হৈ আন এটা পৰিয়ালৰ মুখিয়াল হোৱাত সেই পুৰণি ঘৰটোক কেন্দ্ৰ কৰি চাৰিওফালে আন ঘৰৰ পোখা মেলি এতিয়া বিশাল ঘৰলৈ পৰিণত হৈছে।

এই মাটিৰ ভেটিটো ৰহিমে লাভ কৰাৰো এক পুৰণি কাহিনী আছে। সেই সময়ত ৰহিম চফল ডেকা আছিল।  সদায় পুৱা জীয়াভৰলীলৈ আহি ৰহিমে জাল খেৱাই মাছ ধৰাটো নিত্য-নৈমিত্যিক কৰ্তব্য আছিল। ইয়াতে জাল খেৱাই শিল ঘৰীয়া মাছৰ জাকক ধৰি জোকা-জোকে ঘৰলৈ আনন্দৰে লৈ গৈ নিজৰ লগতে ওচৰ চুবুৰীয়াকো খুৱাইছিল। এনেদৰে কৰি থাকোতে এই কামটো শেষলৈ চখত পৰিণত হৈছিল আৰু মাছ পালেও নাপালেও খেৱালী জালখন হাতত লৈ নদীৰ পাৰলৈ অহা হৈছিল। তালৈকে আহ-যাহ কৰি থাকোতেই এই ইটা ভাটাৰ মালিকৰ লগত ৰহিমৰ চিনাকি হৈ ভাল বন্ধুত্বত পৰিণত হৈছিল। তেতিয়ালৈ ৰহিম চৰকাৰী চাকৰিত মকৰল হৈ পা-পইচাৰ মুখ দেখিছিল। এদিন কথাৰ প্ৰসংগতে এই ভেটি মাটিকন এনেই পৰি থকা দেখি দুখ প্ৰকাশ কৰি বিক্ৰিৰ বাবে গ্ৰাহক এজন বিচাৰি দিবলৈ ৰহিমক কৈছিল। ইতিমধ্যে ৰহিমৰো মাটিৰ প্ৰয়োজন হৈ থকাত  কথাটো শুনি নিজেই  লোৱা কথাকৈ দাম-দৰত লিপ্ত হ'ল। মাটিৰ মালিকে থাউকতে গ্ৰাহক হাততে পাই  বেছি টকালৈ মুখ নেমেলি ৰহিমলৈয়ে এই বিষয়টো থেলি দিলে। ৰহিমে সেয়ে সুবিধা পাই এক দাম কৈ তিনিকুৰি টকা দিয়াৰ কথা ক'লে। গ্ৰাহকৰ অভাৱত থকা মাটিৰ মালিকেও থেৰো- গেৰো নকৰি ৰহিমৰ এক দামতে সৈমান হৈ কাগজ-পত্ৰ কৰি দিয়ে। পাছলৈ এই ভূমিতে ৰহিমে জীৱনৰ সপোন দেখি এতিয়া এখন মেটমৰা বিশাল পৰিয়ালৰ গৰাকীত পৰিণত হৈছে।

মূল পথৰ পৰা এটা দীঘলীয়া আলিবাটেৰে গৈ ৰহিমৰ  সপোনৰ  সেই আপোন ঘৰখন পাব পাৰি। আলিবাটটোৰ সন্মুখতে দুফালে দুজোপা বীজ দিয়া নাৰিকল গছ। সেই দুজোপা নাৰিকল গছক মুল হিচাপে লৈ তাৰ কাষৰ পৰা শাৰী শাৰী তামোল গছবোৰে দীঘলীয়া আলিবাটটোক সৌন্দৰ্য দিয়াৰ চেষ্টা কৰিছে। ৰহিমে বাৰী পতাৰ আগতে ইটাভাটা থকাৰ বাবে বাৰী খনত বিশেষ ডাঙৰ গছে জন্ম লৈ তিষ্টি থাকিব নোৱাৰে। বাৰীৰ  মাটিৰ তলত ইটাটুকুৰাই ঠাহ খাই থকাত ইয়াত কোনোমতে দোজোপা আমগছ, এজোপা কঁঠাল আৰু এজোপা শিমলু মুৰ ডাঙি ঠিয় হৈ আছে। তাকো শাৰীৰিক গঠন বৰ টনকিয়াল নহয়। ইয়াৰ বাহিৰে অন্য বৃহৎ আকাৰ গছৰ ইয়াত দেখিবলৈ পোৱা নাযায়। অৱশ্যে ৰহিমে ইয়াৰ সংখ্যা বঢ়াবলৈ চেষ্টা নকৰা  নহয়। ৰোৱাৰ প্ৰথম দুবছৰ মান পুলি কেইটাই গা বঢ়াবলৈ লৈ লহপহকৈ বাঢ়ি আহে। তাৰ পাছতেই অজান কাৰণত পুলিবোৰ শুকাবলৈ আৰম্ভ কৰে। শেষত ৰহিমে ভেটিটো ইটাভাটাৰ হোৱা বাবেই তেনে হয় বুলি উমান কৰিব পাৰিলে। 

বাৰীৰ চাৰিসীমাৰ ভিতৰতে একেবাৰে শেষ সীমাত  থাউকতে মাছ ধৰি খাব পৰাকৈ এটাপুখুৰীও আছে। পুখুৰীটো বৰ দ।  এই পুখুৰীটোৰো এটা বিশেষত্ব আছে। খন্দাৰ দিন ধৰি ইয়াৰ কাষৰ মাটি মানে পাৰৰ মাটি এচপৰাও খহা নাই। যেনেকৈয়ে ইয়াক প্ৰথমতে গঢ় দিয়া হৈছিল তেনেকৈয়ে একে অৱস্থাতে  আছে। এবাৰ ৰহিমে কথাৰ প্ৰসংগতে নিজৰ পুখুৰীটোৰ গুণ-গৰিমা গাই পাৰৰ মাটি নখহা আৰু দ হোৱাৰ সেই বিশেষ ৰহস্যৰ বিষয়ে কৈছিল- সেই পুখুৰীটো হেনো আগতে ইটাভাটাৰ মিয়াঙ আছিল। সেয়ে সেই মিয়াঙটো নাভাঙি তাক পুখুৰীলৈ গঢ় দিয়া বাবে হেনো সি এনেবোৰ সু-ফল লাভ কৰিছে। তাৰ কাষতে  সন্মুখ ভাগলৈ এখন সৰু বাম খেতিৰ পাচলি বাগান। এই বাগানৰ উৎপাদিত  উভৈনদী পাচলি আগতে খাব নোৱাৰি ওচৰ চুবুৰীয়াক দিয়াৰ লগতে গৰুক দানা সিজাই দিব পৰা  হৈছিল। কিন্তু এতিয়া পৰিয়াল বঢ়াৰ লগে লগে সেই পাচলি, বাগান খনে আগৰ গৰিমা অটুত ৰাখিবলৈ ব্যৰ্থ হোৱাই নহয়  ৰহিমে হাতত বেগলৈ সাপ্তাহিক বজাৰলৈ ঢাপলি মেলিব লাগিয়া হৈছে।

পাচলি বাগান খনে নিজক একেধাৰাত বৰ্তাই ৰাখিব নোৱাৰিলেওঁ ৰহিমৰ ধান খেতিৰ  পথাৰ আৰু ধানৰ ভঁৰাল টোৱে আগৰ গৰিমা অটুত ৰাখিছে। ধান খেতি ৰহিমে আগতে নিজেই কৰিছিল যদিও এতিয়া বয়সে ভাটি দিয়াত শৰীৰে নটনাৰ বাবে  হাজিৰা লগায়ে কৰে। একমাত্ৰ চখৰ বাবেই লাভৰ মুখ নেদেখিলেও এতিয়াও ৰহিমে ধানখেতি হাজিৰা লগায় কৰি আছে। খেতিৰ দিনত এদিনত দহজন হাজিৰা মানুহ থকাটো খাটাং। অৱশ্যে কেতিয়াবা হাজিৰা মানুহ নমতাকৈয়ে বেছিকৈয়ে আহে। ৰহিমেও সিহঁতক ঘূৰাই নপঠিয়ায়। সি ভালদৰে জানে যে বেছিকৈ অহা হাজিৰা মানুহ কেইজনে হাজিৰা নোপোৱাৰ বাবেই ইয়ালৈ আহিছে। হাজিৰা নকৰিলে সিহঁতৰ পৰিয়ালটো ভোকত মৰিব। সেয়ে মানৱতাৰ নিদৰ্শন দাঙি ধৰি কাম নাথাকিলেও সিহঁতক বাকীবোৰৰ লগতে লেতিয়াই কাম কৰিবলৈ কয়। 

খেতি আৰম্ভ হোৱাৰ পৰা শেষ নোহোৱালৈকে সেই কেইদিন যৌথ পৰিয়ালটোৰ পাকঘৰটো ভোজ-ভাত শাললৈ পৰিবৰ্তন হয়। তিনি গৰাকী বোৱাৰীৰ লগতে ৰহিমৰ পৰিবাৰে খানাবনাই হাইৰান হৈ পৰে। খেতি চপোৱাৰ পিছতো ঘৰখনত সেই একেই পৰিৱেশে বিৰাজ কৰে। পাৰ্থক্য মাথোঁ এটাই এইবাৰ মহিলাৰ কামৰ বোজাৰ সীমা চেৰাই যায়। ঘৰৰ চৌহদৰ মাজতে থকা চোতালৰ এচুকত অহৰহ  মহিলাৰ বচ ৰহিমৰ ঘৈনিয়েকে ধান ফুট দিয়া আৰু শুকুৱা কামত ব্যস্তহৈ পৰে। বোৱাৰী কেইগৰাকীয়ে হাজিৰা মানুহক চাহ-জলপান ৰান্ধি-বাঢ়ি দিয়াত ব্যস্ত হ'ব লগাত পৰে। হাজিৰা মানুহে কাঠৰ কুণ্ডাত কোবাই সৰোৱা গুটি ধানে চোতাল সিঁচৰিত কৰি পেলাই। ধানৰ কুটাৰ ঘুগুলাত সকলোৱে নাকত মুৰত কাপোৰ বান্ধি কামান্দো আৰক্ষীৰ দৰে তহল দি নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰে। মুঠতে মহিলা পুৰুষ কাৰোৰে এইকেইদিন কামৰ লেখ দিব নোৱাৰা হয়।

ৰহিমে নিজৰ যৌথ পৰিয়ালটো চোকা শাসনেৰে চলাই আহিছে। তাক শাসনকৰ্তা হিচাপে লৈ পুতেক কেইটাই কোনো ওজৰ-আপত্তি নকৰাকৈ মুৰ দোৱাই সংসাৰ আগবঢ়াই নিছে। সেয়ে ৰহিমে চাৰিওটা সন্তানকে প্ৰত্যেকটোকে এটাকৈ সুকিয়াকৈ ঘৰ বান্ধি, সংসাৰ পাতি দিয়াৰ পৰা খোৱা-বোৱা কৰালৈকে সকলো খৰছ নিজৰ পেঞ্চনৰ টকা কেইটাই বহন কৰি আহিছে। অৱশ্যে এতিয়া মাজে মাজে ৰফিকে দুই- এপইচা দি ৰহিমক সহায় কৰা হৈছে।

ৰহিমৰ থকা বোৱাৰী কেইজনীক লৈ সমুলি চিন্তা নাই। সিহঁত তিনিওজনী ঘৰধৰা ছোৱালী। সি জীয়াই থকালৈকে বাৰু যিমান পাৰে  তাৰ পেঞ্চনৰ টকা কেইটায়ে থেলা-থেলি কৰি জোৰা মাৰি চলাই নিব। কিন্তু তাৰ মৃত্যুৰ পাছত সিহঁতৰ কি হ'ব সেই কথাই তাক বিচলিত কৰি তোলে। এই চিন্তা অৱশ্যে বংসধৰ কেইটাৰ ভিতৰতো ডাঙৰটো আৰু তিনি নম্বৰটো ল'ৰাক লৈহে । ইনকামৰ পথ বন্ধ এই দুয়োটা ল'ৰাক লৈহে ৰহিমৰ মাজে মাজে চিন্তাত বিভোৰ হৈ পৰে । বাকী দুটাক লৈ ৰহিমৰ চিন্তা নাই । সিহঁতে যেন-তেন হ'লেও সংসাৰ চলাই নিব পাৰিব বুলি ৰহিমৰ বিশ্বাস। কিয়নো দুই নম্বৰ ল'ৰা ৰফিকৰ তিনিআলি মুৰতে এখন ভালকৈ চলা ফাৰ্মাচি আছে । নাই বুলিলেও দিনটোত পোন্ধৰশ টকাৰ পৰা দুহেজাৰ টকা লাভ হয় আনহাতে চেলিমৰটো এটা চৰকাৰী চাকৰি আছেই ।

ৰহিমৰ ডাঙৰ পুতেকে ওচৰৰে ভেঞ্চাৰ হাইস্কুল খনত খাতি আছে। দুটা সন্তানৰ বাপেকী কৰিমে আজি পৰ্যন্ত ভেঞ্চাৰ স্কুলখনক বাদ দি একো এটা ইনকামৰ পথ উলিওৱাৰ কথা ভবা নাই। বাপেকৰ মুৰতে কঁঠাল ভাঙি খাই আছে। মাজতে এবাৰ তাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে বাপেক তিনি আলি মুৰত এখন কিতাপৰ দোকান খুলি দি তাৰ হাত খৰচ উলিওৱাৰ ব্যৱস্থা কৰি দিছিল। দুবছৰ মান ভালেই চলিছিল। শেষলৈ চৰকাৰে পাঠ্যপুথিৰ কিতাপবোৰ নিজেই বিতৰণ কৰাত সেই দোকানলৈ মানুহৰ ভিৰ কমি অহা হ'ল। কাষ্টমাৰৰ অভাৱ আৰু  সময়ত দোকান খোলাৰ অনিহাৰ ফলত এদিন-দুদিনকৈ লাহে লাহে এই কিতাপৰ দোকান খনেও মেলানি মাগিলে। দোকান খনে মেলানি মগাৰ লগে লগে দেউতাক ৰহিমৰ পেঞ্চনৰ পঞ্চাছ হাজাৰ টকাতো কুঠাৰ ঘাট পৰিল। মৰমত উঠা ডাঙৰ পুতেকে  সৰুৰে পৰাই একো কৰিবলৈ নিশিকিলে। সেয়ে এতিয়া  এইবোৰ পয়মাল ৰহিমে নিজেই মাৰিব লগাত পৰিছে। আনহাতে তৃতীয় সন্তান পঢ়া শুনাত ইমান ভাল নাছিল । হ'লেও বাকপতুতাৰ বাবে আছুৰ মেল-মিটিং কৰি এজন জিলাৰ মূল বিষয়ববীয়া হিচাপে পৰিচিত হৈ পৰিছিল । এনেদৰে মেল-মিটিং কৰি অনাই-বনাই ঘূৰি ফুৰোতে এজনী ছোৱালীৰ লগত গোপন সৰ্ম্পক গঢ় লৈ উঠিছিল। ঘৰৰ অমত স্বতেও পুতেকে জোৰ কৰাত তাৰ সুখৰ কথা চিন্তা কৰি ৰহিমে নিকাহ কৰি গতাই দিছে।ৰহিমৰ ঘৰখনে ফাৰুকৰ সেই বোৱাৰী জনীক চোৱা-চিতা কৰি নানিলেও বোৱাৰী জনীয়ে  বাকী দুজনীৰ লগত মিলি সুন্দৰ ভাৱে সিহঁতক সেৱা শুশ্ৰূষা কৰি গৈছে। গতিকে তাইকো বোৱাৰী হিচাপে ঘৰখনে এক অনাও ক'তো কম পোৱা নাই।

তিনিজনী বোৱাৰীৰে ৰহিমৰ যৌথ পৰিয়ালটো সুন্দৰ ভাৱে পৰিচালিত হৈ আছিল। তিনিজনী বোৱাৰীয়েকৰ সৈতে ঘৰৰ খাদ্য বিভাগৰ প্ৰধান মন্ত্ৰী ৰহিমৰ ঘৈনীয়েকে  একেলগে কাৰো ওজৰ আপত্তি নথকাকৈ সকলোৱে মিলি নিজ নিজ কৰ্তব্য মুৰপাতি লৈ কৰি গৈছিল। শহুৰেককো যথা সন্মান- শুশ্ৰূষা কৰি দেউতাকৰ মৰ্যদাৰে বোৱাৰীয়েকৰ কৰ্তব্য কৰিবলৈ তিনিও জনী বোৱাৰীয়ে পাহৰি যোৱা নাছিল। মুঠতে ৰহিমৰ যৌথ পৰিয়ালটোত খুব ভাল ভাৱেই শান্তিপ্ৰিয় ভাৱে  চলি আছিল।  পৰিয়ালটোৰ এনে মিলা প্ৰিতি দেখি ওচৰ চুবুৰিয়াৰ চকুচৰহা বোৰে  আক্ৰোশত চকু কপালত উঠিছিল। 

চাৰিজন ল'ৰা আৰু এজনী ছোৱালীৰে মুঠ পাঁচটা সন্তানৰ গৰাকী ৰহিমে ইতিমধ্যে চাৰিজনৰে বিয়া পাতি দিছে। বিয়া পাতিলৈ বাকী আছে নুমলীয়া সন্তান চেলিমৰ। নকৈ লাভ কৰা চৰকাৰী চাকৰিৰ গৰাকী একমাত্ৰ সন্তান চেলিমে বিয়াৰ কথা উলিয়ালেই সাত জাপ মাৰে। তাক লৈ এইবাৰ বাপেক ৰহিম চিন্তাত পৰিছে। কিয়নো ৰহিমে বৰ্তমান চাকৰিৰ পৰা অৱসৰ ঘোষণা কৰাই প্ৰায় পোন্ধৰ বছৰ মান হ'ল। যদি কিবা কাৰণত নামৰ আগত ৺ লাগে তেন্তে নুমলীয়া সন্তানটো আলৈ আথানি হ'ব। আনহাতে বাপেক হিচাপে ৰহিমৰো দায়িত্ব আৰু কৰ্তব্য এটা আছে যে সি জীয়াই থাকোতেই আটাই কেওটাকে এটা গতি লগাই থৈ যাব পাৰিলে ভাল। ৰহিমে তিনিওটা সন্তানৰ পৰিয়ালৰ লেঠাবোৰ মাৰি থকাৰ লগে লগে পেতমুচা সন্তান চেলিমৰ বিয়াখনো কোনো মতে পাতি দিয়াৰ কথা ভাৱি মনৰ ভিতৰতে বিভিন্ন পৰিকল্পনা কৰিছে। এনেবোৰ  কথা ভাবিয়ে ৰহিমে তলে তলে চেলিমৰ নিকাহৰ বাবে এজন উপযুক্ত ছোৱালী সন্ধান কৰাৰ বাবে  দায়িত্ব ঘটকক দিলে।

ঘটকৰ মুখেৰে এজনী ছোৱালীৰ সংবাদ পাই ৰহিমৰ মনটো আনন্দত সীমা নাই। চেলিমক বিয়া পতাৰ বাবে সৈমান কৰিবলৈ ডাঙৰ পুতেকক দায়িত্ব অৰ্পন কৰিছে। অৱশ্যে দায়িত্ব অৰ্পন কৰাই নহয় বিয়াৰ বাবে সাজু হ'বলৈও ক'বলৈ কৈছে। ৰহিমৰ আদেশ পাই চেলিমো এই বিয়াত সন্মত হৈছে।চেলিমে বিয়া পাতিব ওলাইছে যদিও তাৰ একেবাৰে মন নাই। চিধা-চিধি, পিতৃভক্ত ল'ৰা বাবে বাপেকৰ কথা পেলাব নোৱাৰি সৈমান হৈছে। বাপেকে যদি নয়ে পাঁচে বিশ বুলিও কয় সেইটোৱেই শুদ্ধ। সি দেউতাক মাকৰ কোনো কথাতে নহয়, নোৱাৰো এই দুটা শব্দ মুখত উচ্চাৰণ  কৰিব নোৱাৰে। আনহাতে সৰুৰে পৰা সি কোনো মহিলা,ছোৱালীৰ লগত কথা পাতি পোৱা নাছিল। মাকক বাদ দি বেলেগ কাৰোবাৰ লগত ভালকৈ এষাৰ কথা পতা তাৰ মনত নপৰে। সেই কথাটো মাক-বাপেকে জানি মাজে মাজে  ভয় খাই বিয়াৰ পাছত যদি সি ঘৈণীয়েকৰ মতেই উঠা-বহা কৰে? অৱশ্যে এটা কথাতে তেনে নকৰে বুলি ভাবি মাক-বাপেকে নিজে সান্তনা লৈছে কাৰন সি যিমান নহ'লেও বাকীকেইটা সন্তানতকৈ দুফলা বেছিকৈ পঢ়ি শিক্ষা লৈছে।

ঘটকে দিয়া সংবাদ মতেই ৰহিম আৰু পৰিয়ালে কইনা ঘৰত গৈ  চাই পচন্দ কৰি দুয়োপক্ষৰ সন্মতি ক্ৰমে দহ দিনৰ ভিতৰতে বিয়াৰ দিন থিক কৰিছে। কাৰন বাপেকৰ মতে ঈদৰ আগতে সৰু ল'ৰাৰ নিকাহ সম্পূৰ্ণ কৰিব পাৰিলে ভাল। সেয়ে বিয়াৰ বাবে ৰহিমে বাকী কেইটাক দিয়াৰ দৰে সোনাৰীক গহনা গঢ়াব দিছেগৈ। অৱশ্যে এইবাৰেই শেষ বিয়া বুলি আৰু চৰকাৰী চাকৰিয়ালৰ ঘৈণীয়েকৰ সন্মান ৰক্ষা কৰি দুপদ গহনা বঢ়াই গঢ়াইছে। তাৰ বাবে অৱশ্যে পৰিয়ালৰ সকলোকে মাতি আনি সিহঁতৰ পৰা মত লৈ সপক্ষে মত পোৱাতহে এই  কামটো কৰিবলৈ লৈছে। কইনাক বাদ দি ঘৰৰ লাগতিয়াল কাপোৰ কানি বজাৰ কৰা কামটো  কৰি ৰাখি নিজৰ কামবোৰ কমোৱাৰ চেষ্টা কৰিছে।

আনহাতে কইনা ৰূপে গুনে চহকী মাক-দেউতাকৰ এজনীয়ে ছোৱালী। চাকৰিয়াল মাক-দেউতাকৰ আলাসৰ লাৰু আৰু অপুত্ৰৰ পুত্ৰসম। বৰ আদৰত ডাঙৰ হৈছে। তাইৰ প্ৰতিটো কথাই মাক-দেউতাকে শুনে। সেই মতে তায়ো মাক-দেউতাকে বিচৰা দৰে পঢ়াত ভাল ৰিজাল্ট কৰি সুখ দি আহিছে। পঢ়াত দৰাতকৈ যথেষ্ট আগবঢ়া । একপ্ৰকাৰ অসন্তুলিত দগা-পাল্লা।তাই ভালদৰে জানে যৌথ পৰিয়ালত গৈ খাপ খাব নোৱাৰিব। আনহাতে তাই আধুনিক পৰিৱেশত খাপ খাই  নিজকে  সমাজ ব্যৱস্থাৰ পৰা নিলগাই ৰাখি চুৰিদাৰ পিন্ধা অভ্যাসত পৰিণত হোৱা ছোৱালী। সিহঁতৰ দৰে ৰক্ষণশীল ঘৰ খনত গৈ শাৰীৰ অবিহনে যে চুৰিদাৰ ব্যৱহাৰ কৰিব নোৱাৰিব সেইটো কথা তাই ভালদৰে জানে। সিপিনে তাই ইতিমধ্যে গাঁৱৰে ৰফিকুলৰ সৈতে হিয়া-দিয়া নিয়াত মচগুল হৈ আছে। সেয়ে তাই এই বিয়াত একেবাৰে মন নাই। সমন্ধ গঢ়াতকৈ কেনেকৈ এই বিয়াখন ভাঙিব পাৰি তাকলৈহে তাই বেছি ব্যস্ত হৈ আছে। সেয়ে মনতে তাই না-না কৌশল অৱলম্বন কৰাৰ কথা ভাবি পৰিকল্পনা কৰি মাক-দেউতাকৰ আগত ভাও দি গৈছে। আনহাতে একমাত্ৰ স্থায়ী চাকৰিটো দেখিহে মাক-দেউতাকে সিহঁতৰ একমাত্ৰ ছোৱালী জনীক তাক গটোৱাৰ কথা ভাবিছে।

বিয়াৰ দিনবাৰ ঠিক হোৱাৰ পাছত সময়ৰ প্ৰতি গুৰুত্ব দি দুয়োটা পৰিয়ালে  একগোট হৈ কইনাৰ খুছি মতে তাইৰ মনপছন্দ কাপোৰৰ যোৰাবোৰ বজাৰ কৰিছে। দামীৰ দামীযোৰ কন্যাই পছন্দ কৰাত  ৰহিমৰ পেঞ্চনৰ ভৰাঁলটোত বেছিকৈ হেঁচা পৰিছে। তথাপিটো সি কৃপনালি কৰা নাই। হাত উজান দি খৰছ কৰিছে। পিছে বিয়ালৈ দুদিন থাকোতেই কইনাই বিয়াৰ এমাহৰ ভিতৰতে এ পি এছ ছি ৰ কৰ্চিং কৰিব দিব লাগিব, দুদিন পাছতে চাকৰি কৰা ঠাইলৈ লৈ যাব লাগিব আদি কোৱাৰ উপৰিও যৌথ পৰিয়ালৰ লগত নথকাৰ পৰা আৰু বহুতো ধৰনৰ চুক্তি কৰিবলৈ দৰাক যোৰ দিলে। দৰাই সেই বিষয়ে ৰহিমক অৱগত কৰাত সেই চুক্তি কৰিবলৈ সন্মত নহৈ সেই বিয়াৰ সম্বন্ধৰ জৰী তাতে ছিঙি ৰহিমে জেদতে অন্য কন্যা সন্ধান কৰি পৰৱৰ্তী দুই দিনৰ ভিতৰতে বিয়া পতাৰ পৰিকল্পনা কৰে। নকৰিবনো কিয়? কাৰণ ইতিমধ্যে বিবাহৰ অতিথি মতাৰ কাম, অতিথি আপ্যায়ণৰ  কেঁচা সামগ্ৰীৰ বজাৰ কৰা কাম প্ৰায় শেষ হৈছে। যদি তাতকৈ দেৰি কৰে সেই সামগ্ৰীবোৰ বেয়া হ'লে সমস্ত খৰছ দুগুণ হ'ব। সেয়ে বিয়া ভগাৰ কাৰণ সকলোকে অৱগত কৰি পৰৱৰ্তী দুই দিনত দিব পৰা ছোৱালীৰ সন্ধান কৰিলে। এনেদৰে ৰহিম হঁতৰ ঘৰৰ মানুহে কাষৰ জিলাত তেনে এগৰাকী ছোৱালীৰ সন্ধান পালে । দৰাৰ চৰকাৰী চাকৰি দেখি তেওঁলোকে দুই দিনৰ ভিতৰতে ছোৱালীক নিকাহ কৰাবলৈ সন্মত হয়।

এইবাৰ ৰহিমে হেঁপাহেৰে আশাকৰা ধৰণে বিয়াখন ভোগ কৰাৰ পৰিকল্পনা কৰিলে। বিয়াদিনা বৰ সুন্দৰ ভাৱেই  ঘৰখনত  অতিথি শুশ্ৰূষা আৰু আপ্যায়ণ কৰি ঘৰখনৰ মানুহবোৰ উখল-মাখলৰ মাজতে আনন্দেৰে পাৰ কৰি পাছত কইনাক নিকাহৰ উদ্দেশ্যে কইনাৰ ঘৰলৈ বৰযাত্ৰীৰ গাড়ীলৈ লানি নিচিগাকৈ সগৌৰৱেৰে গৈছিল। কইনা ঘৰ পোৱাৰ আগতে নামাজৰ সময় হোৱাত ৰহিমে বিবাহ যাত্ৰীৰ আৰু পুতেকৰ মঙ্গল কামনা কৰি নামাজ পঢ়িবলৈ কইনা ঠিক কৰা গাঁৱৰ ওচৰতে থকা মছজিদলৈ গৈছিল। তেনেতে স্থানীয় বৰযাত্ৰীয়ে ক'ত নিকাহ কৰিব আহিছে সেই কথা ৰহিমক সোধাত কইনাৰ দেউতাক আৰু কইনাৰ নাম কোৱাত এজনে পিছফালৰ পৰা ক'লে-

••••অ' সেইজনী। এমাহ আগতে এটালৈ গৈ ঘূৰি আহিছিল হে তাই আকৌ দৰা পালেই নে?

মানুহজনৰ কথা শুনি ৰহিমৰ সৰ্ব শৰীৰত অস্থিৰ অৱস্থাই ক্ৰিয়া কৰিল। সি কি ভূল কাম কৰিবলৈ আহিছে। ল'ৰাটোৱে বিয়া নাপাতো বুলি কোৱাৰ পাছতো সি জোৰ কৰি এইজনী ছোৱালীকে তাক গতাব খুজিছেনে? কি কৰিব উপায় বিচাৰি পোৱা নাই। আনহাতে এতিয়াতো উপায়ো নাই  কাৰণ পুতেকৰ এই বাৰ কিবা কাৰণত বিয়া ভাগিলে পুনৰ যে সি বিয়াত বহিবলৈ মন কৰিব তাৰো কোনো নিশ্চয়তা নাই। এনেবোৰ দোধোৰ-মোধোৰ প্ৰশ্নই ক্ৰিয়া কৰাত ৰহিমৰ মগজুৱে কাম কৰা বন্ধ কৰি দিলে। শেষত নিজেই সুস্থিৰ কৰি চুপে চাপে থাকি পুতেকৰ অগোচৰে বিয়াখন পাতি দিয়াৰ কথাকে ভাবিলে। ৰাইজৰ সাক্ষাৎত নিকাহৰ সকলো কাম হৈ গ'ল। নিকাহৰ অন্তত কইনাৰ বিদায় দিয়া সময়ত  কইনাৰ এটোপালো চকুলো নিগৰি  নহাত দৰাৰ লগত যোৱা  সকলো মানুহৰে কইনাৰ হৃদয় খনকলৈ বিষয় হৈ পৰিল। যাক পিতৃ-মাতৃৰ আজীৱন বিচ্ছেদৰ মুহূৰ্তয়েও কন্দুৱাব পৰা নাই সঁচাই কইনা কঠোৱা অন্তৰৰ হ'ব নেকি?  সেই কথাটোৱে বেছিকৈ চিন্তাৰ বিষয়ত পেলাইছে ৰহিমক। কিয়নো সি তাইৰ গোপন গাথাৰ বিষয়ে সকলো ইতিমধ্যে  অৱগত হৈছে। সেয়ে দৰা ঘৰীয়া সকলো ঘূৰি অহাৰ পাছত  ৰহিমে গমপোৱা ভিতৰুৱা কথাবোৰ নিজৰ পৰিবাৰক ক'লেহি। পৰিবাৰে কথাটো জানি বেৰৰো কাণ থকাৰ কথাকৈ মনে মনে থাকিব ক'লে। দিন বাগৰিল। কিন্তু ৰহিম আৰু তাৰ পৰিবাৰে ন কইনাৰ গুপ্ত অধ্যায়ৰ  কথাবোৰ জনাত সেই  কথাবোৰে সিহঁতৰ মনবোৰ দোধোৰ মোধোৰ অৱস্থাৰ সৃষ্টি কৰিবলৈ ধৰিলে।

কইনাৰ ঘৰে ঘূনিয়া ছোৱালী এজনী গটাই এটা ভাল ল'ৰা পাই নিজৰ সমাজ ব্যৱস্থাত নথকা পৰম্পৰা এটা সৃষ্টি কৰি দৰাক যৌতুকে ঘৰ ভৰাই দিছে। আনহাতে কইনাৰ বাপেকে তাতে ক্ষান্ত থকা নাই বিয়াত দিয়া সমস্ত যৌতুকৰ বাহিৰেও এখন মটৰ চাইকেল কিনি দিবলৈ স্ব-ইচ্ছাই আগ্ৰহ প্ৰকাশ কৰিছে। চেলিমক কথাটো ঘৈণীয়েকৰ হতুৱাই কোৱাত সি তাৰ নিজৰ মটৰ চাইকেল থকা কথা ছোৱালীৰ মুখেৰে জানিব পাৰি দেউতাকে তাক মটৰ চাইকেলৰ পৰিৱৰ্তে টকাকে জোঁৱায়েকক ছোৱালীৰ হাতেদি দি নিজৰ প্ৰভূত্ব বিস্তাৰ কৰিছে। এনেদৰে শহুৰৰ ঘৰৰ পৰা বস্তু পাই চেলিমৰ আগৰ মানুহটোৰ চাল-চলন, কথা বাৰ্তালৈ পৰিবৰ্তন আহিল। কথাই প্ৰতি টকাৰ হিচাপ দিয়া হ'ল আৰু নিজৰ ঘৈণীয়েকৰ গুণ-গৰিমাৰ প্ৰসংশাত পঞ্চমুখ হ'ল। আগতে নিজৰ নবৌয়েকহঁতে  কৰা ভূলবোৰো তাৰ ঘৈণীয়েকে কৰিলে শুদ্ধ হোৱা হ'ল। দিন দুপৰতে ঘৰৰ বাকীবোৰৰ সন্মানলৈ গুৰুত্ব নিদি যৌথ পৰিয়ালটোৰ মাজতে নিজৰ কোঠাৰ দুৱাৰ বন্ধ কৰি সোমাই থকা হ'ল। আনহাতে দেউতাক ৰহিমহঁতৰ সন্মানত আঘাত লগা  কাম যেনে-চুৰিদাৰ পিন্ধি সমাজত উঠা-বহা কৰা কামবোৰ বীৰৰ দৰে দেখা দেখিকৈ কৰিবলৈ ধৰিলে। চেলিমৰ তিৰোতা সেৰুৱা গুণ  এনে পৰ্যায় পাইছেগৈ যে  তাই গা-ধোৱা পানী কনো সিহে আনি দিলে হোৱা হ'ল। এক প্ৰকাৰৰ ঘৈণীয়েকৰ আঙুলিৰ তদাৰক মতে চেলিম উঠা-বহা কৰা হ'ল। বাপেকৰ কথাত আগতে উঠা-বহা কৰা চেলিম এতিয়া শহুৰেকৰ কথামতে উঠ-বহ কৰা হ'ল। শহুৰৰ ঘৰৰ পৰা যৌতুক লোৱা দিন ধৰি চেলিমে সেই ঘৰ খনৰ এটা পোহনীয়া কুকুৰলৈ পৰিৱৰ্তন হ'ল। যাৰ কোনো এতিয়া নিজস্বতা নাই। কিবা কৰিব লগীয়া হ'লে তাৰ লেকাম থাকে শহুৰ আৰু ঘৈণীয়েকৰ হাতত। যেন সি এতিয়া শহুৰ দেউতাক আৰু ঘৈণীয়েকৰ চাবি দিয়া পুতলাহে।

এই কথাবোৰে ঘৰৰ সকলোকে বিতুষ্ট কৰিলে। লাহে লাহে চেলিম ঘৰখনৰ সদস্যৰ চিন্তাধাৰাৰ পৰা আঁতৰি গ'ল। আনহাতে চেলিমৰ ঘৈণীয়েকে এইবোৰ কৰি ৰং পোৱা হ'ল। ঘূনিয়া হৈয়ো নিজৰ এখন স্বাধীন-চিতিয়া ৰাজত্ব চলাব পাৰিছে। কিন্তু তাইৰ সেই গোপন অধ্যায়বোৰ অধ্যায় কৰিয়ে ৰাখিছে। ঘৰৰ মানুহ বোৰেও সকলো কথা জানি তাৰ সংসাৰখন  দুখেৰে ভৰিপৰে  বুলি ভাবিয়ে এই কথাবোৰ গোপন কৰিয়ে ৰাখিছে। আনহাতে কাৰোবাৰ মুখৰ পৰা এই গুপুত কথাবোৰ গম পায় বুলিয়ে এক ছেকেণ্ডো তাইৰ পৰা আঁতৰাই নাৰাখি নিজৰ শৰীৰৰ খলা-বমা বোৰ দেখুৱাই সেই পৃথিৱীতে দুবাই ৰাখিছে। আগতে কোনো মহিলাৰ লগত কথা পাতি নোপোৱা , উঠা-বহা নকৰা চেলিমে জীৱনত প্ৰথম বাৰৰ বাবে তাইৰ সুকোমল খলা-বমা বোৰ দেখি নাৰীৰ শৰীৰৰ মাজত থকা ৰহস্যবোৰ উদঘাটন কৰিবলৈ ব্যাকুল হৈ সেই ৰসতে মজি থকা হ'ল।

লাহে লাহে সিহঁত হালৰ কৰ্ম আৰু চাল-চলনৰ কথাবোৰে বেয়াকৈ ঘৰখনক প্ৰভাৱ পেলোৱাত  ৰহিম বৰকৈ চিন্তাত পৰিল। সেয়ে এই বেমাৰৰ সমাধান সুত্ৰে একেটা ঘৰতে চৰু চাৰিটা কৰি দিলে। সেই সমাধান সুত্ৰই ঘৰখনলৈ আৰু বেছি বিশৃংখলতা আনি দিলে। বেলেগ হৈ সৰু সৰু পৰিয়ালত ভাগ হৈ পৰাত ঠেক চিন্তাধাৰাৰ ফলত সিহঁতৰ প্ৰত্যেকৰ মনবোৰত বহল দৃষ্টিভঙ্গিবোৰ কমি আহি কোনেও কাৰোৰে কাতিহাড় নসহা হ'ল।নিজ নিজ সীমাৰেখাৰ ভিতৰৰ কোঠাৰ পৰা ওলাই আনটো পৰিয়ালক দেখিলেই চিৰবৈৰী মনোভাৱে কাজিয়া কৰা হ'ল।একপ্ৰকাৰ ৰহিমৰ স্বপ্নগাথাত অতৃপ্তি আহি পৰিল। সি চিন্তা কৰি পালে একেখন ঘৰতে চাৰিটা চৰু কৰি দি গোটেই জীৱনৰ বাবে এখন শেষ নোহোৱা কুৰুক্ষেত্ৰৰ যুদ্ধস্থলী সৃষ্টি কৰি থৈ গ'ল। যিখন যুদ্ধ কোনোদিন শেষ নহয় আৰু নহ'ব। এই কথাভাবি  ৰহিমে আজিকালি নিজৰ কোঠাৰ ভিতৰতে সোমাই জীৱনৰ অতৃপ্ত-স্বপ্নগাথাৰ মাজত বুৰ গৈ আছে। এনেদৰেই  সমগ্ৰ জীৱনজুৰি ৰহিমে এক সপোন দেখি  তৃপ্তিৰ সন্ধান কৰি যন্ত্রনাৰে পিস্ত হৈ অশান্তিত দিন অতিবাহিত কৰি বিফল মনোৰথেৰ জীৱনৰ সমাপ্তি কৰিছে।


     "জ্ঞানকমল" 
  (✍️মিন্টু হাজৰিকা)
পেচাঃ- অসম আৰক্ষী অনাতাঁৰ বিভাগ, বৰঘাট আউত পোষ্ট, তেজপুৰ।

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment